সত্থয়া নিৰূপণ: ২০১৭ চনৰ পুৰণি ফটো নৱনিযুক্ত আইএএছ বিষয়াৰ সৈতে ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 303

গাঁওলীয়া পৰিবেশত থকা এটা পৰিয়ালৰ ফটো এখন সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। এখন ফটোত এটা বয়োজ্যেষ্ঠ দম্পতীয়ে এগৰাকী যুবতীক মিঠাই খুৱাই আছে, আনখন ফটোত তেঁওলোকৰ বোকাৰ লেপ দিয়া বেৰৰ জৰাজীৰ্ণ ঘৰটো দেখা গৈছে।

গাঁৱৰ

পোষ্টটোৰ কেপচনত লিখা আছে, “#অভিনন্দন_মিচ_ৰেৱতি

নিম্নোক্ত ঘৰখন দেখি কাৰোবাৰ মনত বিশ্বাস হয়নে যে, এইখন ঘৰখনৰ পৰা কোনোবা IAS ওলাব? হয় #মিচ_ৰেৱতি নামৰ কৰ্ণাটকৰ ছোৱালী জনীয়ে এইখন ঘৰত থাকি আই,এ,এচ IAS ৩নং ৰেংক পায়। মিচ ৰেৱতি সকলো ছোৱালী সকলৰ বাবে হওঁক ৰোল মডেল, মাক দেউতাকে ৰেৱতিক অভিনন্দন জনাইছে, চ্যালুট ও অভিনন্দন মিচ ৰেৱতি.”

“# Congratulations_Ms_Ravati

 

Can anyone imagine that this house showing bellow can produce an IAS office? Yes, #Miss_ravati who brought up in this house in Karnataka has achieved 3rd rank in IAS. Let Ms. Ravati become the role model for all girls. Here in ths picture Ms. Recati has been congratulated by her parents, salute and congratulations to Ms. Ravati.

ওপৰৰ পোষ্ট টোৰ লিংক ইয়াত আছে।

একেধৰণৰ ফেচবুক পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পাব।

 

 

সত্যতা নিৰূপণ CHECK

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান চলাই ফটোখন আৰু তাৰ সৈতে থকা কথাখিনি ভুৱা বুলি নিস্চিত কৰে।

আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০১৭ চনত ফটোসহ প্ৰকাশ পোৱা এটা বাতৰি পালো।

বাতৰিটোত যুবতীগৰাকীক ভেংকট ৰেৱতী বুলি কোৱা হৈছে, এঁও অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ অবনীগড়ৰ এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা। বাতৰিটোত কেনেদৰে বিভিন্ন বাধা নেউচি ৰেৱতীয়ে অন্ধ্ৰ প্ৰদেশ আৰক্ষী পৰিদৰ্শকৰ পৰীক্ষাত উত্তীৰ্ণ হয় তাৰ কথা কোৱা হৈছে।

 

ওপৰৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমি ইণ্টাৰনেটত বিচৰাত ২০১৭ চনত প্ৰকাশ কৰা ২০১৬ চনৰ অন্ধ্ৰ প্ৰদেশ আৰক্ষী পৰিদৰ্শকৰ পদবীৰ পৰীক্ষাৰ ফলাফলৰ তালিকা লাভ কৰিলো, তাত ৰেৱতীৰ নামটো দেখা পালো।

আমি ২০১৬ চনত আইএএছ পৰীক্ষাত সফল হোৱা IAS প্ৰাৰ্থীৰ ৰ তাৱিকাখনো চালো। তালিকাখনত ৰেৱতীৰ নাম নাছিল, তৃতীয় স্থানত গোপালকৃষ্ণ ৰোনাংকিৰ নামহে তালিকাত আছিল।

ওপৰৰ তথ্যৰ পৰা এয়া নিশ্চিত কৰিব পাৰি যে ৰেৱতীয়ে আইএছ উত্তীৰ্ণ হোৱা নাছিল. সেয়ে ফটোখনৰ সৈতে থকা লিখাখিনি বিভ্ৰাণ্তিকৰ।