সত্যতা নিৰূপনঃ পেছোৱাৰ বিস্ফোৰণৰ পুৰণি ভিডিওকেই শেহতীয়া ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 328

বিস্ফোৰণস্থলীৰ পৰা এটি শিশুক কোচত তুলি দৌৰি থকা এখন হৃদয় কঁপোৱা ফটো শেহতীয়াকৈ সামাজিক মাদ্যমত ভাইৰেল হৈছে। পোষ্টটোত দাবী কৰা অনুসৰি এয়া ৩০জনকৈ লোক নিহত হোৱা পেছোৱাৰৰ শেহতীয়া বিস্ফোৰণৰ ঘটনা।

এজন  ফেচবুক বযৱহাৰকাৰী য়ে ফটোখনৰ সৈতে কেপচনত লিখিছে-পাকিস্তানৰ পেছোৱাৰত শুকুৰবাৰে এটা মছজিদত নামাজ পঢ়ি থকাৰ সময়ত সংঘটিত বিস্ফোৰণত কমেও ৩০জন লোক নিহত হৈছেঃ  জিও নিউজ।

একেখন ফটোকেই হিন্দীত কেপচনসহ প্ৰচাৰ কৰা হৈছে।    

সত্যতা নিৰূপন

নিউজ মোবাইলে এই ফটোখন সন্দৰ্ভত অনুসন্ধান কৰে আৰু ইয়াক ভুৱা দাবীৰে প্ৰচাৰ চলোৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি  একেখন ফটো এছচিয়েট প্ৰেছত প্ৰচাৰ কৰা দেখিলো। ফটোখনৰ কেপচনত আছে- পাকিস্তানৰ পেছোৱাৰত দেওবাৰ, ২৯ ছেপ্তেম্বৰ, ২০১৩ত বিস্ফোৰণস্থলীৰ পৰা  এজন মানুহে এটি শিশু উদ্ধাৰ কৰি দৌৰাৰ দৃশ্য। পাকিস্তানৰ ৰাজপথত সংঘটিত গাড়ী বোমা বিস্ফোৰণৰ ফলত বহু লোক নিহত হয়। চৰকাৰী সুত্ৰই প্ৰকাশ কৰা মতে এয়া পাকিস্তানৰ পেছোৱাৰ চহৰত এটা সপ্তাহত সংঘটিত হোৱা তৃতীয়টো বিস্ফোৰণৰ ঘটনা। (এপি ফটো/মহম্মদ ছাজিদ)

এই তথ্য মতে পাকিস্তানত এই বিস্ফোৰণটো ২০১৩ চনৰ ২৯ ছেপ্তেম্বৰত সংঘটিত হৈছিল।

  এই ঘটনা সন্দৰ্ভত প্ৰকাশ পোৱা আম এক বাতৰি অনুসৰি পাকিস্তানৰ মহানগৰখনৰ ব্যস্ত বজাৰ অঞ্চলত শক্তিশালী গাড়ী বোমা বিস্ফোৰণত ৩৩জন লোক নিহত হৈছিল।

অবশ্যে এয়া সত্য যে ৪ মাৰ্চ ২০২২ত পাকিস্তানী চহৰ পেছোৱাৰত সংঘটিত এটা   বিস্ফোৰণ ত ৫৬জন লোক নিহত হয়। 

এই তথ্যসমূহে প্ৰমাণ কৰে যে ফটোখন ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক