টীম ইণ্ডিয়াই আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট মেচ কেলিব। ইয়াৰে এখন ২৫ নৱেম্বৰ ২০২১ত কাণপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। এনে সময়তে নিউজিলেণ্ড দলৰ সদস্যসকলক গলবস্ত্ৰ উপহাৰ দিয়া এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে কাণপুৰত উপস্থিত হোলাৰ সময়ত তেওঁলোকক এই উফহাৰ দিয়া হৈছে।
ফটোৰ সৈতে হিন্দীতে নিখা কেপচনটো এনেধৰণৰ- “নিউজিলেণ্ডৰ সদস্যসকলক গেৰুৱা কাপোৰেৰে (বা পটকা) আদৰণি জনোৱা হৈছে। নামাজৱাদী পাৰ্টীৰ নেতাসকল বিক্ষুব্ধ হৈছে। যদি জেহাদীক দাললসকলৰ আপত্তি আছে, তেন্তে তেওঁলোকক হিন্দু হবলৈ দিয়া, কোনো কথা নাই..!! জয় শ্ৰী ৰাম”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।
ফটোখনত দেখা গল এজনো খেলুৱৈয়ে মাস্ক পৰিধান কৰা নাই, ইয়েই ধাৰণা কৰিবলৈ বাধ্য কৰায়, যে ফটোখন অতিমাৰিৰ সময়ৰ আগৰ।
ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন দি অনুসন্ধান কৰাত আমি জি নিউজত ২০১৭ চনৰ ২৭ অক্টোবৰত প্ৰচাৰিত এটা বাতৰি পালো। বাতৰিটোত উল্লেখ আছে- “নিউজিলেণ্ডৰ দলটো কাণপুৰত এদিনীয়া ছিৰিজত অংশ লবলৈ অহাৰ সময়ত এই ফটোখন তোলা হৈছে। দলটোক কাণপুৰত পৰম্পৰাগত ভাবে আদৰণি জনোৱা হৈছে।”
আৰু অধিক অনুসন্ধান কৰাত আমি ইণ্ডিয়া টিভত ২৭ অক্টোবৰ ২০১৭ত প্ৰচাৰ কৰা আন এটা বাতৰিত একে ধৰণৰ দৃশ্য দেখা পালো। তাত কোৱা হৈছে- “ভাৰত বনাম নিউজিলেণ্ড, ৩য় এদিনীয়া মেচঃ দুয়ো দলেই কাণপুৰত গেৰুৱা আদৰণি লাভ কৰিলে।”
বাতৰিটোৰ মতে, গলবস্ত্ৰকেইখনত “যোগী” বুলি লিখা থকাৰ বাবে বিতৰ্কৰ সূত্ৰপাত ঘটিছিল আৰু সমাজবাদী পাৰ্টীয়ে এই ক্ষেত্ৰত অধিক সহাৰি দিছিল।.
আমি দলটো শেহতীয়াকৈ কাণপুৰত উপস্থিত হোৱাৰ সময়ৰ ফটোও বিচাৰি চালো, কিন্তু তেনে ধৰণৰ কোনো ফটোৱেই নেদেখিলো।
A warm welcome in Kanpur ahead of the first Test against India starting on Thursday. #INDvNZ pic.twitter.com/OgwYFR76vP
— BLACKCAPS (@BLACKCAPS) November 22, 2021
আমি এ এন আইৰ ২ নৱেম্বৰৰ আন এটা বাতৰিও পালো, তাত নিউজিলেণ্ড দলৰ এজন সদস্যক আন এজন খেলুৱৈয়ে আনন্দৰ পৰিবেশত হালধীয়া গলবস্ত্ৰ উপহাৰ দিয়া দেখিলো।
এই তথ্য সমূহে প্ৰমাণ কৰে, ফটোখন ২০১৭ চনৰেই, নিউজিলেণ্ডৰ দলৰ সদস্যসকলক গেৰুৱা গলবস্ত্ৰ উপহাৰ দিয়াৰ সময়ৰ।
আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক।