২০২২ৰ ৫ জুনৰ দিনা উত্তৰকাশী জিলাত তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছি, এই ঘটনাত ২৬গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছিল। এওঁলোক আছিল মধ্যপ্ৰদেশৰচাৰ ধাম যাত্ৰাৰ তীৰ্থযাত্ৰী।
এই ঘটনাৰ সময়তে বাছ এখন দুৰ্ঘটনাগ্ৰস্ত হৈ দ’ খাৱৈত পৰি থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ফটোখন উত্তৰখণ্ডৰ বাছ দুৰ্ঘটনাৰ সময়ৰ।
ফেচবুকত ফটোখনৰ সৈতে হিন্দীতে কেপচনন লিখা আছিল- “উত্তৰখণ্ডৰ চাৰধাম যাত্ৰৰ বাবে যমুনোত্ৰীলৈ গৈ থকা সময়ত বাছধন দ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ মধ্য প্ৰদেশৰ আমাৰ প্ৰতিবেশী জিলা পন্নাৰ ২৫গৰাকীকৈ তীৰ্থযাত্ৰী মৃত্যুমুখত পৰে। ভগৱানে তেওঁলোকৰ আত্মাক সদগতি দিয়ে যেন।”
(English translation: A bus carrying 25 pilgrims of our neighbouring district Panna in Madhya Pradesh fell into the ditch, while going towards Yamunotri Dham in Uttarakhand. Very painful deaths! May God rest the departed souls in peace.)
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।
ফটোখন সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২২ৰ ১৪ ফেব্ৰুৱাৰীত ‘আমাৰ উজালা’ প্ৰকাশিত বাতৰি এটাত একেখন ফটো সংলগ্ন কৰা দেখিলো। বাতৰিটোৰ মতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল হিমাচল প্ৰদেশৰ চিমলাৰ ঝাকৰি অঞ্চলৰ গাচো দলঙত।
ফোব্ৰুৱাৰী ২০২২ত New18 হিন্দী ত প্ৰচাৰিত আন এটা বাতৰিতো একে ধৰণৰ ভিডিও দেখা গৈছে। দ্য টাইমচ অৱ ইণ্ডিয়া তো ২০২২ৰ ১৪ ফেব্ৰুৱাৰীত এই ঘটনাৰ বতৰি প্ৰকাশ পাইছিল। তাত আছিল- “চিমলা জিলাত হিমাচল পথ পৰিবহন নিগম (HRTC) ৰ এখন বাছ দুৰ্ঘটনাত তেত্ৰিশজন লোক আহত হয়।”
এই তথ্যই স্পষ্ট কৰে, ভাইৰেল হোৱা ফটোখন পুৰণি আৰু ইয়াৰ সৈতে উত্তৰখণ্ডৰ দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।