এনৰয়ড মোবাইল ‘এপ’ এটাৰ লিংক থকা পোষ্ট এটা সামাজিক মাধ্যমত বহুলভাবে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ‘এপ’টোৰ জৰিয়তে প্ৰধানমন্ত্ৰী লোন যোজনাৰ টকা লাভ কৰাত সুবিধা হ’ব। পোষ্টটোত ইয়াকো দাবী কৰা হৈছে যে ৪৮ ঘণ্টাৰ ভিতৰত এই লোন গৃহীত হয় আৰু ইয়াৰ বাবে পঞ্জীয়নৰ বাবদ ৯৯৯টকা দিব লাগে।
পোষ্টটোত আছে- “সমগ্ৰ ভাৰততে ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত লোন যোজনাৰ বিজনেছ লোন, পাৰ্ছনেল লোনৰ বাবে আপুনি আবেদন কৰাৰ লগে লগে লোনৰ ধন আপোনাৰ একাউণ্টত সোমাই যাব। সকলো ধৰণৰ লোনৰ বাবে আবেদন কৰক। ₹খৰধৰ কৰক, ৯৯৯ টকাৰে ১০% ছাবচিডি, অৰ্থাত্ ৰেহাইসহ আৰম্ভ কৰক, অন লাইন আবেদন কৰক। ২৪ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত লোনৰ ধনৰাশি সোমাব আপোনাৰ একাউণ্টত।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।.
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।
পোষ্টটোত দিয়া লিংকটোত আমি ক্লিক কৰিলো। আমি এই লিংকটোৰ জৰিয়তে প্লে’ ষ্টোৰ ব্যৱহাৰকাৰীৰ তথ্যহে পালো। লিংকটোত উল্লেখ আছে যে এই ‘এপ’টো এইম টু এক্সেল ( Aim2Excel) নামৰ এটা সংস্থাই সৃষ্টি কৰিছে।
আমি অৱশ্যে Aim2Excel আৰু ভাৰত চৰকাৰৰ মাজত কোনো সম্পৰ্ক নেদেখিলো। আনহাতে এজন ব্যৱহাৰকাৰীয়ে উল্লেখ কৰা মতে মাচুল প্ৰদান কৰাৰ পাছত ‘এপ’টোৰ পৰা কোনো সঁহাৰি পোৱা নাযায়।
আমি দেখিলো যে পিআইবিয়েও ওই সন্দৰ্ভত সত্যতা নিৰূপণ কৰে আৰু টুইটৰ জৰিয়তে কয় যে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী লোন যোজনা নামৰ কোনো আঁচনি নাই। টুইটটোত আছে-, “কেন্দ্ৰীয় চৰকাৰৰ “প্ৰধানমন্ত্ৰী লোন যোজনাৰ জৰিয়তে সকলো আবেদনকৰ্তাক ২০০০০০ টকাকৈ আগবঢ়োৱা হৈছে। #PIBFactcheck: এই দাবী ভুৱা, কেন্দ্ৰীয় চৰকাৰৰ “প্ৰধানমন্ত্ৰী লোন যোজনা” নামৰ কোনো আঁচনিয়েই নাই।”
এনেদৰেই স্পষ্ট হয় যে ভাইৰেল হোৱা দাবীটো ভুৱা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।