সত্যতা নিৰূপণ : গুজৰাটৰ কাৰখানত সংঘটিত বিস্ফোৰণৰ ভিডিওকেই বিহাৰৰ অগ্নিপথ প্ৰতিবাদৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে

0 612

বিহাৰৰ শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ নিযুক্ত আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদৰ সময়তে বহু ৰেল দ্বলাই দিয়া হৈছিল। তথ্য অনুসৰি ৫০টা ডবা আৰু ৭টা ইঞ্চিন জ্বলাই দিয়া হৈছিল।

এই প্ৰসংগতে সামাজিক মাধ্যমত এটা ভিডিও বহুলভাবে প্ৰচাৰ হৈছে। বিহাৰৰ বুলি দাবী কৰা এই ভিডিওটো একাংশই দানপুৰ আৰু একাংশই মুজাফৰপুৰৰ বুলিও দাবী কৰিছে।

এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ভিডিওটোৰ সৈতে লিখিছে-এখন বেটাৰী ৰিক্সা কিনিবলৈ মানুহৰ হাড় ভাঙি যায়, আৰু তোমালোকে এনেদৰে ৰেল জ্বলাই দিবৰ সময়ত এবাৰো ভাবি নাচালা #অগ্নিবীৰ #অগ্নিপথ #আঁচনি” 

ওপৰৰ পোষ্টটোৰ লিংখ ইয়াত. আছেষ

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

ভিডিওটো সুক্ষ্মভাবে লক্ষ্য কৰাত আমি এখন গাড়ীৰ নম্বৰ প্লেট দেখা পালো। তাত গুজৰাটৰ পৰিবহন বিভাগৰ চিহ্ ‘GJ’  লিখা আছে।.

পাছত ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও ২০২২ৰ ৩ জুনৰ   NDTV ৰ এটা বাতৰিত পালো। ভিডিওটোৰ কেপচনত আছে-  “গুজৰাটৰ ৱদোদৰাৰ নন্দেশৰী GIDC  প্ৰকল্পৰ নাইট্ৰাইট প্ৰতিষ্ঠানত প্ৰচণ্ড বিস্ফোৰণ আৰু আগ্নিকাণ্ড।

ভিডিওটোৰ এটা স্ক্ৰীণশ্বট ২০২২ৰ ২ জুনত  হিন্দুস্তান চাইমচতো প্ৰকাশ পাইছিল। ভিডিওটোৰ সৈতে থকা বাতৰিত আছে-  “ৱদোদৰাৰ নন্দেশৰী GIDC  প্ৰকল্পৰ নাইট্ৰাইট প্ৰতিষ্ঠানত এটা বিস্ফোৰণৰ পাছত প্ৰচণ্ড অগ্নিকাণ্ড। দুৰ্ঘটনাৰ কাৰণ জানিব পৰা নাই।ANI

এনেদৰেই স্পষ্ট হয়, ভাইৰেল হোৱা ভিডিওটো গুজৰাটৰ, বিহাৰৰ নহয়। সেয়ে ভাইৰেল হোৱা দাবীও ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।