সত্যতা নিৰূপনঃ নহয়, টাইম মেগাজিনৰ বেটুপাতত পুটিনক হিটলাৰ হিচাপে দেখুওৱা হোৱা নাই

0 401

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এডল্ফ হিটলাৰৰ সৈতে তুলনা কৰি সজোৱা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখন টাইম মেগাজিনৰ বেটুপাতৰ বুলি দাবী কৰা হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰী য়ে ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে- টাইম মেগাজিনৰ নতুন বেটুপাত। নাজিবাদ অত্যাচাৰী আছিল, বাওঁপন্থা আৰু অধিক অত্যাচাৰী আৰু এই পাবত গজাজন আটাইতকৈ অত্যাচাৰী(sic)

টুইটাৰতো একেই দাবীৰে ফটোখন শ্বেয়াৰ হৈছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল ফটোখনৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক আৰু ফটোখন সম্পাদিত বুলি প্ৰতিপন্ন কৰে।

আমি টাইম মেগাজিনৰ ৱেবছাইট আৰু তেওঁলোকৰ সামাজিক মাধ্যম গোটবোৰত অনুসন্ধান কৰিলো। টাইম মেগাজিনৰ শেহতীয়া সংখ্যাটো প্ৰকাশ পাইছিল ২০২২ৰ ৩ মাৰ্চত। বেটুপাতত আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ১ মাৰ্চত ইউৰোপিয়ান পাৰ্লিয়ামেণ্টত প্ৰদান কৰা ভাষণৰ উদ্ধৃতিঃ মৃত্যুৰ বিপৰীতে জীৱনৰ জয় নিশ্চিত আৰু অন্ধকাৰৰ বিপৰীতে পোহৰৰ জয় নিশ্চিত।

ইয়াৰ পূৰ্বে টাইমৰ সংখ্যাটো প্ৰকাশ পাইছিল ২৫ ফেব্ৰুৱাৰীত আৰু তাৰ বেটুপাতত যুদ্ধৰ টেংকাৰৰ ফটোসহ লিখা আছিল  “ইতিহাসৰ পুনৰাবৃত্তি।

আৰু অধিক অনুসন্ধানত এই ভাইৰেল ফটোখন শ্বেয়াৰ কৰা আমি পেট্ৰিক মুডলাৰৰ এটা টুইট লাভ কৰিলো। তেওঁ সেই বেটুপাতটো প্ৰচাৰ কৰি লিখিছে-মই কৰা টাইমৰ শিল্প ভাইৰেল হৈছে- সেয়ে এই সন্দৰ্ভত অলপ লিখি দিয়া উচিত হব বুলি মই ভাবো। ৰাছিয়াই ইউক্ৰেইনত অগ্ৰাসন কৰিবলৈ আৰম্ভ কৰাৰ দিনা মই সৃষ্টি কৰা তিনিখন ছবিৰ অন্যতম হল এইখন।মই ভাবো টাইমৰ বেটুপাতটো প্ৰভাবশালী আৰু কিবা যেন ৰৈ গৈছে, তেনে লাগিছে। 

মুডলাৰে বেটুপাটটো কিদৰে সজাইছিল তাৰ ভিডিও এটাও শ্বেয়াৰ কৰিছিল।

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয়, যে টাইম মেগাজিনৰ বেটুপাতৰ ফটোখন সম্পাদিত, সেয়ে ভাইৰেল পোষ্টটোৰ সত্যতা নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক