সত্যতা নিৰূপনঃ নহয়, ২০২০ৰ লেবাননৰ বিস্ফোৰণৰ ভিডিও ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বুলি দাবী কৰা হৈছে

0 435

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ।যুদ্ধৰ সময়তে ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পাছৰ পৰিস্থিতিৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

ফেচবুক পোষ্টটোত আছে-হে ভগৱান! ইউক্ৰেইনৰ বাবে প্ৰাৰ্থনা কৰক।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে

সত্যতা নিৰূপন

 

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

আমি ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও ২০২০ চনৰ ৫ আগষ্টত KHOU 11 News Houstonৰ টুইটাৰ হেণ্ডেলত প্ৰচাৰ হোৱা দেখিলো।

ভিডিওটোৰ সৈতে থকা কেপচনত লিখা আছে-লেবাননৰ ৰাজধানী চহৰ বেইৰুটত চলোৱা বিস্ফোৰণৰ পাছৰ দৃশ্য। এই বিস্ফোৰণত শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হয়। এনে লাগিছে যেন এখন বিশাল চহৰ নিমিষতে ধ্বংস হৈ গল। ভিডিওৰ সৌজন্যঃ ৰিচাৰ্ড এচকাৰ

Here’s the aftermath in Beirut after the deadly explosion in the Lebanon capital. Dozens were killed and thousands were injured. A large part of the city looks like it’s completely destroyed. Video credit: Rashad Achkar

The same video was also shared by Journalist Jenan Moussa on August 5, 2020, with the text, “My city Beirut after the explosion. What a tragedy. It’s too much to bear.”

 

২০২০ৰ ৪ আগষ্টত বেইৰুট চহৰত বোমা বিস্ফোৰণ হয়, এই ঘটনাত ২১৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০০ লোক আহত হয়। এমনেস্তী ইণ্টাৰনেচনেলত প্ৰকাশ পোৱা মতে বিস্ফোৰণৰ ফলত ৩লাখ লোক গৃহহীন হোৱাৰ লগতে গোটেই চহৰখন ধ্বংসস্তূপলৈ পৰিণত হয়। প্ৰায় ২০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলৰ অট্টালিকা ধ্বংস হয়।

২০২২ৰ ৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ধ্বংসাত্মক দৃস্য়াৱলীৰ ফটো, ভিডিও প্ৰতিদিনে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে। এনে ধৰণৰ বাতৰি ইয়াত আৰু ইয়াত পাব।

ওপৰৰ সত্যতা নিৰূপণ তথা বিশ্লষণৰ পৰা এয়া স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিওটো ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছৰ ভিডিও নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক