সত্যতা নিৰূপণ: নহয়, এই ভিডিওটোত পাকিস্তানত প্ৰতিষেধক লোৱাৰ পাছত চিকিত্সালয়ত ভৰ্তি কৰোৱা দৃশ্য দেখুওৱা নাই

0 515

পাকিস্তানে অলপতে ১৫ বছৰৰ ঊৰ্ধৰ কিশোৰ-কিশোৰীৰ বাবে  COVID-19ৰ প্ৰতিষেধক প্ৰদানৰ কথা গোণা কৰিছে। এনে সময়তে সামাজিক মাধ্যমত এম্বুলেন্সত কেইটিমান শিশু লৈ যোৱা দৃশ্য ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে দাবী কৰা হৈছে যে ছয়গকৰাকী শিশু প্ৰতিযেধক লোৱাৰ পাছত অসুস্থ হৈ পৰাত তেঁওলোকক হাস্পতাললৈ লৈ যোৱা হৈছে।

ভিডিওটোৰ কেপচনত লিখা আছে- “কালি ছোহৰাব গঠৰ হোৱাইট হাউছ গ্ৰামাৰ স্কুলত প্ৰতিষেধক প্ৰদান কৰা ৬গৰাকী শিক্ষাৰ্থীৰ অবস্থা, এওঁলোকৰ বেছি বাগৰেই অবস্থা গুৰুতৰ।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। . একে ধৰণৰ পোষ্ট  ইয়াতইয়াত আৰু  ইয়াত আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ভিডিওটোৰ কী প্ৰেমবোৰ কাটি ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ভিডিওটো জিটিভি নিউজ এইচডি  ত প্ৰচাৰ কৰা দেখা পালো। বিডিওটোৰ কেপচনত আছিল- “ওৰাংগীঃ টাইফয়ডৰ বেজী গ্ৰহণ কৰাৰ পাছত কৰাছীৰ বহু শিক্ষাৰ্থীৰ শাৰীৰিক অবস্থাৰ অবনতি ঘটিছিল।”

এই তথ্যৰ ভিত্তিত আমি আৰু অধিক বিচাৰ কৰাত জিও টিভি য়েও ২০১৯ৰ ১৯ নৱেম্বৰত একেটা ভিডিও প্ৰচাৰ কৰিছিল। বাতৰিটোৰ ৰিপোৰ্টত উল্লেখ কৰা হৈছিল যে কৰাছীৰ ওৰাংগীৰ হোৱাইট হাউছ গ্ৰামাৰ স্কুলত শিক্ষাৰ্থীসকলক টাইফয়ডৰ বেজী প্ৰদান কৰাৰ পাছত বহু শিক্ষাৰ্থীৰ শাৰীৰিক অবস্থাৰ অবনতি ঘটিছিল।

শামা টিভি ত উল্লেখ কৰা অনুসৰি সিন্ধৰ বৰ্ধিত টিকাকৰণ আঁচনিৰ সঞ্চালক তথা টাইফয়ড কঞ্জুগেটেড ভেকচিন (TCV)  আঁচনিৰ মুৰব্বী ডাঃ আক্ৰাম চুলতানে টিকাকৰণৰ ফলত অসুস্থ হোৱা শিশুসকলৰ বৰ্তমান অবস্থা উন্নত। তেওঁ কৈছিল,  “ প্ৰায় ২৪ গৰাকী শিশুক স্কুলৰ পৰা হাস্পাতাললৈ নিয়া হৈছিল। স্কুলখনে ইতিমধ্যে পোলিওৰ টিকাকৰণৰ বাবে প্ৰত্যাখ্যান কৰিছিল। স্কুলখনৰ অধ্যক্ষ, শিক্ষক-কৰ্মচাৰীয়ে চিকিত্সকক আক্ৰমণ কৰিছিল। সিন্ধৰ কতোৱেই এই টিকাকৰণৰ বিৰূপ প্ৰতিক্ৰিয়া হোৱা নাই, তেন্তে কৱল এই স্কুলখনতহে কিয় হৈছে?”

ইয়াৰ দ্বাৰা প্ৰমাণ হল যে ভাইৰেল হোৱা ভিডিওটোৰ সৈতে কৰা দাবী ভুৱা আৰু বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক