সত্যতা নিৰূপণ: আৰক্ষীৰ কোনো বিভাগে লকডাউনৰ পৰৱৰ্তী সময়ত ল’বলগীয়া সাৱধানীয়তা সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰা নাই, ভাইৰেল হোৱা এই দাবী সত্য নহয়

0 164

সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা পোষ্টত দাবী কৰা হৈছে যে আৰক্ষীয়ে লকডাউনৰ পৰৱৰ্তী সময়ত ল’বলগীয়াসাৱধানতা সম্পৰ্কীয় কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাই ৰাইজক কেতবোৰ বিশেষ নিয়ম মানি চলিবলৈ কৈছে। ইয়াৰ ভিতৰত দামী ঘড়ী আৰু চেইন পৰিধান কৰাৰ পৰা বিৰত থকা, ভিৰ থকা বাছত উঠিবলৈ মানা কৰা, আৰু শিশুসকলক আনসকলৰ সৈতে সোনকালে ঘৰলৈ উভতিবলৈ দিয়া নিৰ্দেশনা অন্যতম।পোষ্টটোত উল্লেখ কৰা অনুসৰি অন্ততঃ তিনি মাহলৈ এই নিৰ্দেশনা মানি চলিবলৈ আৰক্ষীয়ে ৰাইজক উপদেশ দিছে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে, একে ধৰণৰ পোষ্ট ইয়াত পাব

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি নিশ্চিত কৰে

আমি ৱেব ছাইটত কোনো ৰাজ্যৰ আৰক্ষীয়ে লকডাউনৰ পৰৱৰ্তী সময়ৰ বাবে কিবা নিৰ্দেশনা দিছে নেকি বিচাৰি চালো, কিন্তু দেশৰ কোনো এখন ৰাজ্যৰেই আৰক্ষী বিভাগে এনে ধৰণৰ কোনো তথ্য প্ৰচাৰ কৰাৰ কোনো তথ্যই লাভ নকৰিলো।

কোনো ৰাজ্যৰ আৰক্ষী বিভাগে এনে ধৰণৰ কোনো তথ্য প্ৰচাৰ কৰাৰ কিবা বাতৰি প্ৰচাৰ হৈছে নেকি বুলি আমি বিভিন্ন সংবাদ মাধ্যমৰ ৱেবছাইটতো বিচাৰিলো, কিন্তু এনে ধৰণৰ একো বাতৰিয়েই লাভ নকৰিলো।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৱেবছাইটতো তেনে কোনো নিৰ্দেশনা প্ৰচাৰ কৰা দেখা নাপালো।

যোৱা বছৰ (২০২০)এই পোষ্টটো ভাইৰেল হোৱাৰ পাছত মুম্বাই আৰক্ষীয়ে ৭জুন ২০২০ তাৰিখে টুইট যোগে স্পষ্ট কৰি দিছিল যে এই পোষ্ট ভুৱা, আৰু তেঁওলোকৰ ফালৰ পৰা এনে কোনো নিৰ্দেশনা প্ৰকাশ কৰা নাই বুলিও স্পষ্ট কি দিয়ে।

ওপৰৰ তথ্যৰ পৰা প্ৰমাণৰ পাছত বাইৰেল হোৱা এই পোষ্টটো যে ভুৱা সেয়া স্পষ্ট হৈ পৰিছে।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক