সত্যতা নিৰূপণ: থাইলেণ্ডৰ পুৰণি ফটোকেই বৰ্তমান পৰিস্থিতৰ শেহতীয়া ফটো বুলি ভুৱা দাবীৰে প্ৰচাৰে কৰিছে

0 141

পলিথিনেৰে সজোৱা ঘেৰৰ ভিতৰত শিক্ষাৰ্থীয়ে লিখি থকা ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত লিখা আছে-এনেদৰেই অতিমাৰিৰ এই দুঃসময়তো থাইলেণ্ডত পৰীক্ষা আৰু শিক্ষাদান চলিছে।

পোষ্টটোৰ সৈতে বঙালীত লিখা কেপচনত আছে- “তৃতীয় বিশ্বৰ দেশ থাইলেণ্ডে এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰিছে, শিক্ষাদান প্ৰক্ৰিয়া চলাই আছে। যদি তেঁওলোকে কৰিব পাৰে আমি কিয় নোৱাৰো?”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে

একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত আছে

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি নিশ্চিত কৰে

আমি ফটোখন ইণ্টাৰনেটৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি বিচৰাত ২০২০ চনৰ ১২ আগষ্টত ইণ্ডিয়াটাইমত প্ৰচাৰ হোৱা বাতৰি এটাৰ সৈতে এখন ফটো। বাতৰিটো কোভিড১৯ প্ৰট’কল মানি চলি, সামাজিক দূৰত্ব মানি কেনেদৰে থাইলেণ্ডত শিক্ষানুষ্ঠান পুনৰ খোলা হৈছিল সেয়া বৰ্ণনা কৰা হৈছিল।

পলিথিনেৰে সজোৱা ঘেৰৰ ভিতৰত শিক্ষাৰ্থীয়ে লিখি একে ধৰণৰ ফটো গেটী ইমেজ আৰু হাফিংটন পোষ্টত লাভ কৰিলো। আটাইকেইখনৰ প্ৰচাৰৰ সময় ২০২০চনৰ।

ফটোত থকা বৰ্ণনা অনুসৰি ২০২০ চনৰ আগষ্টত লকডাউনশিথিল কৰাৰ পাছক বেংককত বিদ্যালয় খোলাৰ সময়ত লোৱা হৈছিল এই ফটো।

অৱশ্যে থাইলেণ্ডৰ সংবাদ মাধ্যমৰ শেহতীয়া তথ্য অনুসৰি কোভিড১৯ৰ শেহতীয়া পৰিস্থিতৰ বাবে অতিমাৰিৰ সংক্ৰমণ ৰোধৰ বাবে বেংকক আৰু তাৰ কাষৰীয়া অঞ্চলৰ বিদ্যালয়সমূহৰ বন্ধৰ সময় বাবে বৃদ্ধি কৰা হৈছে। উল্লেখ্য, পহিলা জুনৰ পৰা ৩১ জুলাইলৈ ৰাষ্ট্ৰজুৰি জৰুৰীকালীন পৰিস্থিতি ঘোষণা কৰা হৈছে।

এনেদৰেই ওপৰৰ সাক্ষ্য-প্ৰমাণৰ পৰা ক’ব পাৰি যে থাইলেণ্ডৰ বিদ্যালয়ৰ ভাইৰেল হোৱা ফটোখন যোৱা বছৰ (২০২০)আগষ্ট মাহৰত লকডাউন শিথিল কৰাৰ পাছত তোলা। এই বছৰ সকলো শিক্ষানুষ্ঠানৰ পাঠদান বন্ধ ৰখাৰ সময় পহিলা জুনৰ পৰা ৩১ জুলাইলৈ বৃদ্ধি কৰা হৈছে।

সেয়ে, ভাইৰেল হোৱা পোষ্টটো বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক