সত্যতা নিৰূপণ: কোকা-কোলাই কোনো লটাৰীৰ ধন দিয়া নাই, ভাইৰেল হোৱা পোষ্টটোক দাবী ভুৱা

0 319

“কোকা-কোলা কল্যাণ নিধি” নামৰ এটা তথাকথিত লিংক সামাজিক মাধ্যমত শ্বেয়াৰ হৈ আছে, প্ৰকাশ কৰা অনুসৰি এই এই লিংকৰ সহায়ত ব্যৱহাৰকাৰীয়ে অন লাইন যোগে কেইটামান সমীক্ষা সম্পন্ন কৰি লটাৰীযোগে লাভ কৰিব পাৰিব ধনৰাশি।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব

একে ধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত চলোৱা অনুসন্ধানৰ সহায়ত এই পোষ্টটো ভুৱা আৰু অপৰাধমূলক বুলি জানিব পৰা গৈছে।

প্ৰথমতে, আমি দেখিলো ছাইটটোৰ URLটো সন্দেহজনক। কোকাকোলাৰ মূল ছাইটটো হ’ল ‘https://www.coca-colacompany.com/‘. ; আমি মূল ৱেব ছাইটটো খুলি চাইছিলো, কিন্তু তাত তেনে ধৰণৰ কোনো কথা লিখা দেখা নাছিলো।

পৰবৰ্তী সময়ত আমি ভাইৰেল হোৱা লিংকটোতো ক্লিক কৰি চাই লিংকটো খোলাৰ লগে লগে দেখিলো তাত এই লিংকটো বিপদজনক বুলি লিখা আছে। সাৱধানবাণীত এইটো “প্ৰবঞ্চনামূলক ছাইট” বুলি লিখা আছে।

এই পোষ্টৰ আধাৰতেই আমি “কোকা-কোলা কল্যাণ নিধি”ৰ ৱেবছাইটৰ অনুসন্ধান কৰিলো আৰু কম্বোডিয়া চৰকাৰৰ ইণ্টাৰিওৰ এণ্টি ছাইবাৰ ক্ৰাইম বিভাগৰ এটা ঘোষণা লাভ কৰিলো। ঘোষণাটোত “কোকা-কোলা কল্যাণ নিধি”ৰ এই ছাইটটোত ক্লিক নকৰিবলৈ সোঁৱৰাই দিয়া হৈছে।বিভাগটোৰ সঞ্চালক শ্বী পোভে প্ৰকাশ কৰা অনুসৰি এনে ধৰণৰ পোষ্টেৰে ৰাইজক আভুৱাভাঁৰি এই ছাইট চাবলৈ বিচৰা সোকৰ ইউজাৰ ডাটা আৰু অন্যান্য তথ্য লাভ কৰি প্ৰবঞ্চনা কৰে।

ফিলিপাইনছৰ কোকা-কোলাৰ কেৰিয়াৰ্ছৰ তৰফৰ পৰাও এনে লিংক ক্লিক নকৰিবলৈ দিয়া সাৱধানবাণীও আমি দেখা পালো।

“আমাৰ তৰফৰ পৰা জনাই থও যে ফিলিপাইনছৰ কোকা-কোলা প্ৰতিষ্ঠানে “কোকা-কোলা কল্যাণ নিধি”ৰ কোনো লিংক প্ৰচাৰ কৰা নাই। অনুগ্ৰহ কৰি এনে লিংকত আপোনাৰ ব্যক্তিগত তথ্য প্ৰকাশ নকৰিব”- সাবধানবাণীটোত কোৱা হৈছে।

এই তথ্য-প্ৰমাণসমূহৰ পৰা এয়া স্পষ্ট হয় যে ভাইৰেল হোৱা পোষ্টটোৰ কোনো সত্যতা নাই আৰু “কোকা-কোলা কল্যাণ নিধি”ৰ লিংকটো প্ৰকৃততে প্ৰবঞ্চনাৰ ফন্দিহে।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক