সত্যতা নিৰূপণ: নহয়, মছজিদৰ কাষত খনন চলোৱাৰ সময়ত হিন্দু দেৱতা নন্দীৰ মূৰ্তি উদ্ধাৰ হোৱা নাছিল। সত্য জানিবলৈ পঢ়ক

0 529

হিন্দুৰ দেৱতা নন্দীৰ মূৰ্তিৰ এখন ফটো সামাজিক মাধ্যমত বাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এই মূৰ্তিটো মছজিদ এটাৰ কাষত খনন চলোৱাৰ সময়ত উদ্ধাৰ হৈছিল।

ফেচবুকত শ্বেয়াৰ কৰা ফটোখনৰ কেপচনত লিখা আছে-  “এয়াই প্ৰতিটো মছজিদৰ প্ৰকৃত সত্য।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্টৰ লিংক ইয়াত আৰু ইয়াত পাব।

সত্যতানিৰূপণ

নিউজমোবাইলেওপৰৰপোষ্টটোৰসন্দৰ্ভতঅনুসন্ধানকৰিপোষ্টটোৰদাবীভুৱাবুলিনিশ্চিতকৰে।

ফটোখন সাধাৰণ ভাবে ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২১ চনৰ ৪ ছেপ্তেম্বৰৰ এটা টুইটাৰ পোষ্ট লাভ কৰো। ইয়াতো একেখন ফটোৱেই দেখা পালো। টুইটাৰ ব্যৱহাৰকাৰীজনে পোষ্টটোত উল্লেখ কৰা মতে নমক্কল জিলাৰ মোহনুৰৰ ছেলান্দিআম্মা মন্দিৰত চলোৱা খননত নন্দীৰ এই বৃহত্ মূৰ্তিটো উদ্ধাৰ হৈছে।

আৰু অধিক অনুসন্ধানত আমি ২০২১ চনৰ ১ ছেপ্তেম্বৰত প্ৰচাৰ কৰা এটা ফেচবুক পোষ্টটোএকেখন ফটো দেখা পাও।  তাৰ কেপচনত আছিল  নমক্কল জিলাৰ মোহনুৰ ছাৰ্কোলৰ আৰিয়ুৰ গাঁৱত থকা ছেলান্দিআম্মা মন্দিৰৰ কাষত চলোৱা খননত ওপৰৰত দেখা মূৰ্তিটো উদ্ধাৰ হৈছে  নমক্কল তামিলনাডুত অৱস্থিত।

আমি ২০২১ চনৰ ২ ছেপ্তেম্বৰত প্ৰকাশিত দিনামলাৰতো একেখন ফটো দেখা পাও। বাতৰিটোত প্ৰকাশ পোৱা মতে ছেলান্দিআম্মা মন্দিৰৰ পুনৰনিৰ্মান চলি থকাৰ সময়ত কৰা খননত নন্দীৰ এই মূৰ্তিটো উদ্ধাৰ হয়। মন্দিৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত ৰাজহ বিভাগক অৱগত কৰে আৰু সেই অনুসৰি চৰকাৰী বিভাগটোৱে মূৰ্তিটো সংৰক্ষণ কৰি নিয়ে।

<iframe data-src=”https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fpermalink.php%3Fstory_fbid%3D1019268988874674%26id%3D100023747479704&show_text=true&width=500″ width=”500″ height=”717″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share”></iframe>

বৰ্তমান প্ৰত্নতাত্বিক বিভাগে মূৰ্তিটো পৰীক্ষা চলাই আছে আৰু মূৰ্তিটো ছেলেমৰ যাদুঘৰত সংৰক্ষণ কৰি থোৱা হৈছে। একেধৰণৰ টুইট ইয়াত চাব পাৰিব। ।

তামিল ৱেবছাইট ৱিকাটেনতোনমক্কলৰ মন্দিৰত নন্দীৰ মূৰ্তি উদ্ধাৰ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি এটা ভিডিও বাতৰি লাভ কৰিলো, য’ত একেটা ঘটনাৰ কথাই বৰ্ণনা কৰা হৈছিল। ভিডিওটোৰ সৈতে থকা বিৱৰণিত কোৱা আছে- নমক্কলঃ ১০০০ বছৰ পূৰণি নন্দীৰ মূৰ্তি উদ্ধাৰ।

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হল যে তামিলনাডুৰ নমক্কলৰ মন্দিৰৰ খননতহে উদ্ধাৰ হৈছিীল নন্দীৰ মূৰ্তিটো। বাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে মছজিদৰ কাষত কৰা কননৰ সময়ত উদ্ধাৰ হোৱা নাই। সেয়ে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা।

আপোনাৰোযদিকোনোতথ্যবাবাতৰিৰসত্যতানিৰূপণকৰিবলগীয়াআছে, তেন্তে +91 11 7127 979l9এইনম্বৰতহোৱাটচআপকৰক