সত্যতা নিৰূপণ: নহয়, কেন্দ্ৰই মেট্ৰো মহানগৰী সমূহত উচ্চতম ন্যায়ালয়ৰ শাখা খোলা নাই; সত্য জিনবলৈ পঢ়ক।

0 243

কেন্দ্ৰই চেন্নাই, মুম্বাই, কলকাতাৰ দৰে মেট্ৰো মহানগৰীসমূহত উচ্চতম ন্যায়ালয়ৰ শাখা খুলিব বুলি দাবী কৰা এটা পোষ্ট সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰ হৈছে।

ফেচবুক পোষ্টটোত লিখা আছে, “চেন্নাইৰ উচ্চতম ন্যায়ালয়ৰ শাখাই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। স্বৰাজোত্তৰ ভাৰতত প্ৰথম বাৰলৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ তিনি স্থানত-চেন্নাই, মুম্বাই আৰু কলকাতাত উচ্চতম ন্যায়ালয়ৰ শাখা মুকলি কৰাৰ সিদ্ধান্ত লৈছে।এতিয়ালৈ কেৱল দিল্লীৰ পৰাহে উচ্চতম ন্যায়ালয় পৰিচালিত হৈ আহিছে।যিসকল লোকে উচ্চ ন্যায়ালয়ৰ ৰায়দানত সন্তুষ্ট নহয়, তেঁওলোকে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰে। কিন্তু যিসকলৰ সামৰ্থ আছে, সেইসকলেহে দিল্লীলৈ গৈ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব পাৰিছিল। ইয়াৰ ফলত বহু দৰিদ্ৰ লোকে দিল্লীলৈ যাব নোৱাৰি ন্যায়ৰ পৰা বঞ্চিত হৈছিল। তামিল নাডুত মুম্বাই উচ্চ ন্যায়ালয়ৰ শাখা ইতিমদ্যে মুকলি হোৱাৰ ফলত চেন্নাইৰ পৰা মানুহে গোচৰ তৰিবলৈ মুম্বাইলৈ যাব নলগা হৈছে। একেদৰে, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰো পৰিসৰ বৃদ্ধি কৰি মুম্বাই, চেন্নাই আৰু কলকাতাত একোটাকৈ শাখা মুকলি কৰাৰ সিদ্ধান্ত লৈছে। চেন্নাইত উচ্চতম ন্যায়ালয়ৰ শাখা মুকলি কৰাত কেৱল তামিল নাডুৰ লোকৰ বাবেই নহয়, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ক্ৰণাটক আৰু কেৰালাৰ ৰাইজৰ বাবেও ফলপ্ৰসু হ’ব।তামিল নাডুৰ অধিবক্তা আৰু প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।.

পোষ্টটোৰ লিংক  ইয়াত পাব। একেধৰণৰ পোষ্টৰ লিংক ইয়াত,ইয়াত,ইয়াত  আৰু  ইয়াত পাব।

সত্যতা নিৰূপণ:

নিউ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান চলায় আৰু পোষ্টটোত দাবী কৰা কথা অসত্য বুলি নিশ্চিত কৰে।

মূল শব্দবোৰৰ সহায়ত ইণ্টাৰনেটত মেট্ৰো মহানগৰ সমূহত উচ্চতম ন্যায়ালয় সম্প্ৰসাৰণ সন্দৰ্ভৰ তথ্য সন্ধান কৰাত শেহতীয়াকৈ প্ৰচাৰ হোৱা  বাতৰি  লাভ কৰিলো।

আমি ২০১০ চনৰ ২০ ফেব্ৰুৱাৰীত দ্য হিন্দু   কাকতত প্ৰকাশ পোৱা  এটা বাতৰি পালো, বাতৰিটোত উল্লেখ আছে-“উচ্চতম ন্যায়ালয়ে আইন আয়োগে আগবঢ়োৱা পৰামৰ্শ- দিল্লীত উচ্চতম ন্যায়ালয়ৰ এখন সাংবাধানিক বিচাৰপীঠ আৰু আন চাৰিটা অঞ্চলত উচ্চতম ন্যায়ালয়ৰ চাৰিখন শাখা মুকলি কৰাৰ পৰামৰ্শ নাকচ কৰে।” একে ধৰণৰ অনুৰোধ ২০১৫ চনতো উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল। ২০১৫ চনৰ ১৪ জুলাইত এই সন্দৰ্ভত এটা বাতৰি টাইমচ অৱ ইণ্ডিয়াত প্ৰকাশ পাইছিল।

আৰু অধিক অনুসন্ধানত আমি ২০২১ চনৰ ৪ আগষ্টত প্ৰকা পোৱা আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে লোকসভাত দিয়া উত্তৰৰ এটা বাতৰি পালো। ইয়াত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠ আৰু দেশৰ চাৰিটা অঞ্চলত পুনৰ আপীল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ চাৰিখন শাখা মুকলি কৰা সন্দৰ্ভত ৰিজিজুৱে কৈছিল- WP(C) No. 36/2016 ৰ এটা লেখ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ১৩.০৭.২০১৬ চনত দিয়া ৰায়দান আনুসৰি ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠ আৰু দেশৰ চাৰিটা অঞ্চলত পুনৰ আপীল কৰাৰ বাবে অনুৰোধ নাকচ কৰে। বিষয়টো এতিয়াও উচ্চতম ন্যায়ালয়ৰ বিচাৰাধী।”

ইয়াৰোপৰি এই সন্দৰ্ভত পি আই বিয়ে সত্যতা নিৰূপণ কৰি এয়া ভুৱা দাবী বুলি নিশ্চিত কৰি ১০ আগষ্টত এটা টুইট প্ৰচাৰ কৰিছিল।

ওপৰৰ তথ্যৰ পৰা এয়া স্পষ্ট হ’ল যে ভাইৰেল হোৱা পোষ্টটোৰ দাবী সম্পূৰ্ণ ভিত্তিহীন।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব লগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক