সত্যতা নিৰূপণ: নহয়, এই ভিডিওটোত শেহতীয়া তালিবানআগ্ৰাসনৰ সময়ত আফগান মহিলাক বিক্ৰী কৰা দেখুওৱা নাই

0 245

তালিবান সকলে আফগানিস্তান দখল কৰাৰ সময়তে সামাজিক মাধ্যমত এটা বিশেষ ভিডিও ভাইৰেল হৈছে।

“#সময়_বৰ_বলবান, এসময়ত এই আফগানসকলে আমাৰ জী-বোৱাৰীসকলক দুবেলা দুসাজৰ বাবে বজাৰত নীলাম কৰিছিল, আৰু আজি তেঁওলোকৰ নিজৰেই জী-বোৱাৰী নীলাম হৈ আছে।” ফেচবুক পোষ্টটোৰ সৈতে হিন্দীতে থকা বিৱৰণিত এনেদৰে লিখা আছে।

ওপৰৰ পোষ্ট. টোৰ লিংক ইয়াত আছে। এনে আৰু কেইটামান পোষ্ট ইয়াত,ইয়াত,ইয়াত  আৰু  ইয়াত ইয়াত আছে।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা আৰু ভিডিওটো পুৰণি বুলি বুলি নিশ্চিত কৰে।

আমি ভিডিওটোৰ মূল ফ্ৰেম কেইটা কাটি ফটো সংগ্ৰহ কৰিলো। পাছত ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০১৪ চনৰ নৱেম্বৰত ইণ্ডিয়া টিভি ত প্ৰচাৰ হোৱা এটা ভিডিও পালো, যিটো আছিল পোষ্টটোত প্ৰচাৰ হোৱা ভিডিওটো।  দেখিলো। বাতৰিটোত লিখা আছিল ISIS-এ অস্ত্ৰ-শস্ত্ৰ কিনাৰ বাবে মহিলা বিক্ৰী কৰাৰ কথা।

বাতৰিটোতপ্ৰকাশ পোৱা অনুসৰি এই ভিডিওটো লণ্ডনৰ এটা পথৰ, ISISৰ দেহ ব্যৱসায়ী চক্ৰ এটাই মহিলাক যৌন ভৃত্য হিচাপে বিক্ৰী কৰিছিল।

ইয়াৰ ওপৰত ভিত্তি কৰি আমি আৰু কেইটামান মূল বা কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত ইউটিউবত ২০১৭ চনত প্ৰচাৰিত এটা ভিডিও পালে। ইয়াৰ শিৰোনামত লিখা আছিল  “লণ্ডনৰ ৰাজপথত মহিলাৰ নীলাম।.”

একেটা ভিডিও আমি বিবিচিতো ২০১৪ চনৰ ২০ অক্টোবৰত প্ৰচাৰ হোৱা দেখিলো। ভিডিওটোৰ বিৱৰণিত লিখা আছিল- “১৪ অক্টোবৰৰ দিনা কুৰ্দিশ সমাজসেৱী একাংশই ইছলামিক ষ্টেটৰ অত্যাচাৰৰ বিৱৰণ দিবলৈ লণ্ডনৰ ৰাজপথত মহিলাক যৌন ভৃত্য কৰাৰ বাবে অনুষ্ঠিত কৰা নীলামৰ বিৱৰণি মূলক অনুষ্ঠান কৰিছিল, যাতে মানুহে ইছলামিক ষ্টেটত চলা অমানষিক কাণ্ডবোৰৰ উমান পায়।”

বাতৰিটোৰ মতে ২০১৪ চনৰ ১৪ অক্টোবৰত কুৰ্দিশ সমাজসেৱীসকলৰ দ্বাৰা লণ্ডনৰ ৰাজপথত এখন বাটৰ নাটৰ আয়োজন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ইছলামিক ষ্টেত চলা বৰ্বৰতাক উদঙাই দিয়া।

এি তথ্যসমূহৰ পৰা স্পষ্ট হ’ল যে এই ভিডিওটো লণ্ডনৰ বাটৰ নাটৰ, ইয়াক আফগানিস্তানৰ শেহতীয়া ঘটনাৱলীৰ দৃশ্য বুলি প্ৰচাৰ চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব লগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক