সত্যতা নিৰূপণ: এই ধনু-কাঁড়, গদা স্থাপনৰ ফটো অযোধ্যাৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 389

এটা ঘুৰণীয়া ঘেৰৰ মাজত প্ৰকাণ্ড গদা, ধনু আৰু কাঁড়ৰ এখন থৈ দিয়া ফটো এখন উত্তৰ প্ৰদেশৰ অযোধ্যাৰ নৱনিৰ্মীত ৰাম মন্দিৰৰ বাকৰিৰ বুলি সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফটোৰ সৈতে কেপচনত লিখা আছে-“অযোধ্যাত নিৰ্মাণ কৰা দিব্য স্থাপত্য”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে.

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০২০ চনৰ এটা পোষ্ট লাভ কৰিলো। তাত এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন বদোদৰাৰ হাৰাণী ৰোডৰ এটা চ’কৰ বুলি প্ৰচাৰ কৰিছিল।

আমি ড্ৰীম টাইম নামৰ এটা ছাইটতো একেখন ফটো লাভ কৰিলো, তাৰ কেপচনত লিখা আছিল – “বদোদৰা নগৰৰ ঘুৰণীয়া চিত্ৰ।.”

পাছত আমি গুগল মেপত বিচাৰ কৰাত গড়া ছাৰ্কোল ৰ কেইবাখনো ফটো দেখা পালো।

আমি সেই স্থানৰ ষ্ট্ৰীট ভিউও দেখিলো।

 

এই তথ্যই প্ৰমাণ কৰে যে ফটোখন গুজৰাটৰ বদোদৰাৰ, উত্তৰ প্ৰদেশৰ অযোধ্যাৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক