সত্যতা নিৰূপণ: চোৰাংচোৱা সংস্থা বা ইণ্টেলিজেন্স ব্যুৰোৱে পশ্চিমবংগ আৰু তামিলনাডুৰ বিধান সভা নিৰ্বাচন সন্দৰ্ভত কোনো লমীক্ষা চলোৱা নাছিল

0 355

পশ্চিমবংগ আৰু তামিলনাডু বিধান সভা নিৰ্বাচন সন্দৰ্ভত চোৰাংচোৱা সংস্থাই সমাপন কৰা বুলি দাবী কৰা এটা নিৰ্বাচনী সমীক্ষা প্ৰচাৰ হৈছে। সমীক্ষাটোৰ পূৰ্বানুমান অনুসৰি পশ্চিমবংগ আৰু তামিলনাডুত তৃণমূল কংগ্ৰেছ আৰু ডিএমকে আগবাঢ়ি আছে বুলি ইণ্টাৰনেটত প্ৰচাৰ হৈচে।

সেই সমীক্ষাটোত লিখা আছেঃ ‘আই বিৰ চৰজমীন তদন্তৰ সমীক্ষা অনুসৰি ২০২১ চনৰ বিধান সভা নিৰ্বাচনত পশ্চিবংগত টিএমচি আগবাঢ়ি আছে। টিএমচিয়ে ২০৪+ আসন লাভ কৰিব।’.

আনটো সমীক্ষা সন্দৰ্ভত লিখা আছেঃ “আই বিৰ চৰজমীন তদন্তৰ সমীক্ষা অনুসৰি ২০২১ চনৰ বিধান সভা নিৰ্বাচনত তামিলনাডুত ডিএমকে আগবাঢ়ি আছে। ডিএমকেই ১৭৮+ আসন লাভ কৰিব।”.

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে, একেধৰণৰ পোষ্টৰ লিংক ইয়াত আৰু ইয়াত আছে।

 

FACT CHECK

নিউজ মোবাইলে ওপৰত উল্লেখ কৰা তথ্য সন্দৰ্ভত অনুসন্ধান কৰে আৰু এয়া ভূৱা দাবী বুলি নিশ্চিত কৰে।

আমি গৃহ মন্ত্ৰালয়ৰ ৱেবছাইটত এই সন্দৰ্ভত তথ্য বিচাৰিলো, কিন্তু এনে সমীক্ষাৰ কোনো তথ্য লাভ নকৰিলো।

চৰকাৰৰ ন’ডেল সংস্থা প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ তৰফৰ পৰাও চোৰাংচোৱা সংস্থা বা ইণ্টেলিজেন্স ব্যুৰোৱে এনে কোনো সমীক্ষা চলোৱা নাছিল বুলি নিশ্চিত কৰে।

আনকি, পিআইবিয়ে নিজাববীয়াকৈ সত্যতা নিৰূপণ কৰি এটা টুইটৰ জৰিয়তে এই তথ্য অসত্য বুলি নিশ্চিত কৰে।

ইণ্টেলিজেন্স ব্যুৰোৰ নামত এটা ভূৱা তথ্য প্ৰচাৰ কৰা হৈছিল যে সংস্থাটোৱে পশ্চিমবংগ আৰু তামিল নাডুৰ বিধান সভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰ চলাইছিল, এই তথ্য .#PIBFactCheckৰ দ্বাৰা প্ৰমাণ কৰা হ’ল।

আইবিৰ দ্বাৰা তেনে কোনো সমীক্ষা চলোৱা হোৱা নাছিল।pic.twitter.com/zNWlM5M6b7

–পি আইবি সত্যতা নিৰূপণ (@PIBFactCheck)  ৩১ মাৰ্চ ২০২১

টুইটত লিখা আছিলঃ “আইবিৰ দ্বাৰা তেনে কোনো সমীক্ষা চলোৱা হোৱা নাছিল।”

আমি সমীক্ষা সন্দৰ্ভত সংবাদ মাধ্যমৰ তথ্যও বিচাৰিলো, কিন্তু তেনে কোনো তথ্য নাপালো।

ওপৰৰ তথ্যসমূহৰ পৰা দেখা গ’ল যে উল্লখিত দুয়োটা তথ্যই ভূৱা

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে  +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।