সত্যতা নিৰূপণ: নাই, বিশ্ব স্বাস্থ্য সংস্থা (‘হু’)ই ভাৰতত ১৫ এপ্ৰিলৰ ভিকৰত ৫০,০০০ লোক কোভিড ১৯ত মত্যু হ’ব বুলি সাৱধান কৰা নাই

0 252

ভাৰতত কোভিড ১৯ৰ সম্ত্ৰাস চলি থকাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থ্ বা ‘হু’ আৰু ইণ্ডিয়ান কাউন্সিল অল মেডিকেল ৰিচাৰ্চ (ICMR)ৰ দ্বাৰা প্ৰকাশিত বুলি দাবী কৰা এটা বাৰ্তা সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। বাৰ্তাটো অনুসৰি যদিহে পৰবৰ্তী ২০ ঘণ্টাৰ ভিতৰত প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ভাৰতত তৃতীয় পৰ্যায়ৰ অৰ্থাত্ সামাজিক সংক্ৰমণৰ আশংকা আছে, যাৰ ফলত ১৫ এপ্ৰিলৰ ভিতৰত ৫০,০০০ লোক মৃত্যুমুখত পৰাৰ আশংকা আছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে হিন্দীত কেপচনসহ এটা পোষ্ট দিছে।

*অহা ২০ ঘণ্টা ভাৰতৰ বাবে অতি সংকটজনক*

*WHO ICMRৰ ভাৰতলৈ সতৰ্কবাণী*

WHO ICMR ৰ তৰফৰ পৰা কোৱা হৈছে, যদিহে ২০ ঘণ্টাৰ ভিতৰত পৰিস্থিতি ভাললৈ নাহে তেন্তে কাইলৈ ৰাতি ১১ বদাৰ পাছত ভাৰতত তৃতীয় পৰ্যায়ৰ অৰ্থাত্ সামাজিক সংক্ৰমণৰ আশংকা আছে। যদিহে কাইলৈ নিশালৈ তৃতীয় পৰ্যায়ৰ অৰ্থাত্ সামাজিক সংক্ৰমণ আৰম্ভ হয়, তেন্তে ১৫ এপ্ৰিলৰ ভিতৰত ৫০,০০০ লোক মৃত্যুমুখত পৰাৰ আশংকা আছে, কাৰণ অইন দেশৰ তুলনাত ভাৰতৰ জনসংখ্যাৰ ঘণত্ব অধিক। অথচ ভাৰতীয়সকলে এই বিষয়টো এতিয়াও গুৰুত্বসহকাৰে লোৱা নাই। ভগৱানৰ ওচৰত প্ৰাৰ্থণা যে কাইলৈৰ ভিতৰত ভাৰতত তৃতীয় পৰ্যায়ৰ সংক্ৰমণ নোহোৱা হওক।

প্ৰতিজন নাগৰিকলৈ নিবেদন, হাঁহি ধেমালী, কোৰোনা সন্দৰ্ভৰ আন খবৰ বাদ দি আজি নিশাৰ ভিতৰত এই বাৰ্তা যিমান পাৰি প্ৰচাৰ কৰক। *৭২ৰ পৰা ১০৮ ঘণ্টালৈ একেবাৰে বাহিৰলৈ নোলাব*কাৰণ ভাৰত হয়তো সংক্ৰমণৰ তৃতীয় পৰ্যায়লৈ গতি কৰিব। প্লীজ আটাইকে ভিতৰতে থাকবলৈ কওক।

*যদি উচিত বুলি ভাবে তেন্তে এইটো ইমান শ্বেয়াৰ কৰক যাতে সমগ্ৰ ভাৰততে ই বিয়পি পৰে।*

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাই ফেক্ট চেক ব্যুৰোই এই সন্দৰ্ভত অনুসন্ধান চলায় আৰু পোষ্টটোত দাবী কৰা কথা অসত্য বুলি প্ৰামাণ কৰে।

প্ৰথমে, আমি একে ধৰণৰ বাতৰি ইণ্টাৰনেটত বিচাৰিলো আৰু এই ভাইৰেল পোষ্টটো অসত্য বুৱি প্ৰমাণ কৰা কেতবোৰ তথ্য পালো।

সংবাদ মাধ্যমৰ এই তথ্যসমূহ ইয়াত, ইয়াত আৰু  ইয়াত চাব পাৰিব।

আৰু অধিক বিচাৰি চাই আমি ‘হু’ৰ দক্ষিণ পূব এচিয়াৰ শাখাই প্ৰচাৰ কৰা এটা টুইট পালো, এই টুইটত ১৫ এপ্ৰিলত ভাৰতত ৫০,০০০ লোক কোভিড ১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব বুলি দাবী কৰা কথা অসত্য বুলি প্ৰকাশ কৰে।

সেয়ে, এই তথ্যসমূহ বিশ্লেষণৰ অন্তত উল্লেখিত পোষ্টটোত দাবী কৰা কথাবোৰ ভুৱা বুলি নিশ্চিত হ’ল।ভাইৰেল পোষ্টটোৰ দাবী মিছা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলৈ আছে, তেন্তে  +91 11 7127 9799-এই নম্বৰত হোৱাটচ আপ কৰক।