সত্যতা নিৰূপণ: বাংলাদেশৰ পুৰণি ফটো এখনভাৰতত মানুহে প্ৰৰ্থণা কৰাৰ দৃশ্য বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 428

ৰাজপথত এদল লোকে নামাজ পঢ়ি থকাৰ ফটো এখন সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে, ফটোখন ভাৰতৰ বুলি দাবী কৰা হৈছে

ফেচবুকত প্ৰচাৰ কৰা ফটোখনৰ হিন্দীতে লিখা আছে, “ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ মধুৰ নিদৰ্শন, আপুনি যদি এনে কাম বাকী ৫৬খন ইছলাম ধৰ্মী দেশত কৰে তেন্তে আপোনাক জেললৈ প্ৰেৰণ কৰিব। এয়া মাত্ৰ উদাহৰণৰ বাবেহে লোৱা ফটো। হিন্দুসকলৰ সহনশীলতা, অধিক সহনশীল হোৱাৰ বাবে শক্তি?”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।.

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

.

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২১ চনৰ ১২ ফেব্ৰুৱাৰীত প্ৰচাৰ হোৱা এটা টুইট পালো, ইয়াতো সেই একেখন ফটোৱেই দিয়া হৈছিল। তাত লিখা আছিল-  “শোভানবাগ মছজিদত আজিৰ জুম্মা নামাজৰ সময়ৰ দৃশ্য।” শোভানবাগ মছজিদ বাংলাদেশত অবস্থিত। .

এই তথ্যৰ আঁত ধৰি আমি অধিক অনুসন্ধান কৰাত ভয়ছ অৱ আমেৰিকাৰ নিজা ফেচবুক পেজত ২০১৯ৰ ১ জুনত প্ৰচাৰিত এটা ভিডিও পালো, ভাইৰেল ইমেজত থকা দৃশ্যই ভিডিওটোত আছিল। ভিডিওটোৰ বিৱৰণিত কোৱা হৈছিল- “যোৱা ৩১ মে’ শুকুৰবাৰে ৰমজানৰ নামাজত অংশ ঢাকাৰ এটা মছজিদত শতাধিক মুছলমানে গ্ৰহণ কৰে।”

<iframe src=”https://www.facebook.com/plugins/video.php?href=https%3A%2F%2Fwww.facebook.com%2Fvoiceofamerica%2Fvideos%2F2384610345093995%2F&show_text=0&width=476″ width=”476″ height=”476″ style=”border:none;overflow:hidden” scrolling=”no” frameborder=”0″ allowfullscreen=”true” allow=”autoplay; clipboard-write; encrypted-media; picture-in-picture; web-share” allowFullScreen=”true”></iframe>

আমি গুগল ষ্ট্ৰীট ভিউত এই স্থানৰ সন্ধান কৰিলো। গুগল ষ্ট্ৰীট ভিউত এই বিশেষ মছজিদটো দেখা গৈছিল।   ’

আৰু অধিক অনুসন্ধানত আমি একেধৰণৰ এখন ফটো এলামীত ২০২১ চনৰ ১৬ এপ্ৰিলত প্ৰচাৰ হোৱা দেখিলো। তাত বিৱৰণি আছিল- “ঢাকা, বাংলাদেশ, ১৬ এপ্ৰিল ২০২১, বাংলাদেশ চৰকাৰে কোভিড ১৯ৰ পৰিপ্ৰেক্ষিতত কঠোৰ ভাবে সামাজিক দুৰত্ব মানি চলাৰ লগতে কোভিড বিধি মানি চলাৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া সত্বেও ১৬ এপ্ৰিল ২০২১ শুকুৰবাৰে পবিত্ৰ ৰমজান মাহৰ নামাজ পঢ়াৰ বাবে বৃহত্ সংখ্যক লোক একত্ৰিত হৈছে, কিন্তু কেঁওৱোকে সামাজিক দুৰত্ব বা কোনো ধৰণৰ কোভিড বিধি মানি চলা নাই।”

এনেদৰেই, তথ্যসমূহে প্ৰমাণ কৰিলে, ভাইৰেল হোৱা ফটোখন পুৰণি, বাংলাদেশৰ, পোষ্টটোত দাবী কৰাৰ দৰে ভাৰতৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক