সত্যতা নিৰূপনঃ ৰামায়নৰ টাইটেল চং বা মূল গীটটো গোৱাৰ সম্পাদিত ভিডিও টেলেণ্টত শ্ব’ৰ বুলি ভাইৰেল হৈছে

0 449

দুই কিশোৰে এটা টেলেণ্ট শ্বত অনুষ্ঠান পৰিবেশন কৰাৰ ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে য়ে তেওঁলোকে টিভিৰ শ্বটোত ৰামায়নৰ টাইটেল বা মূল গীটটো পৰিবেশন কৰি।
ফেচবুক ব্যৱহাৰকাৰীসকলে ভিডিওটোৰ সৈতে কেপচনত লিখিছে-, “ইণ্ডিয়ান আইডলৰ দৰে আমেৰিকাৰ শ্বত শিশুৱে ৰামায়ন ছিৰিয়েলৰ টাইটেল ছং গালে আৰু সকলোৰে চকুত পানী জিলিকিল …..The power of Hindu Rashtra”

ওপৰৰ  পোষ্ট টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী অমুলক  বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ মূল ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও ২০১৪ৰ ১১ মেত এটা ইউটিউব চেনেলত প্ৰচাৰ হোৱা দেখিলো। ভিডিওটোৰ শিৰোনামত আছিল- ব্ৰিটেইনচ গট টেলেণ্টত বাৰ্ছ আৰু মেলডীৰ যুগলবন্দীৰে শান্তিৰ গান গাই মন্ত্ৰমুগ্ধ কৰিলে।’.

ভিডিওটো চোৱাৰ পাছত দেখিলো ভাইৰেল হোৱা ক্লিপটো সম্পাদনা কৰা হৈছে।

সত্যাসত্য নিৰূপণৰ বাবে ব্ৰিটেইনচ গট টেলেণ্টৰ নিজা ইউটিউব চেনেলত বিচাৰি একেটা ভিডিও লাভ কৰিলো, যত আছে কিশোৰ ৰেপাৰ বা ৰেপ গায়কে শান্তিৰ বাবে ইংৰাজী গীত গাইছে, ৰামায়ন ছিৰিয়েলৰ টাইটেল ছং গোৱা নাই।   

এই তথ্যই প্ৰমাণ কৰে ভিডিওটো এনেকৈ সম্পাদনা কৰা হৈছে যে কিশোৰ গায়ক দুজনে যেন ৰামায়নৰ গীতটোহে গাইছে।

পূৰ্বেও ২০২১ চনত নিউজ মোবাইলে ইংলেণ্ডৰ টিভি শ্বত কিশোৰে ৰামায়নৰ গীত গোৱা বুলি একেধৰণৰ দাবী ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।  

Fact Check: Did Contestants Sing Ramayan Serial Title Song On UK Talent Show; Here’s The Truth

সেয়ে আমি কব পাৰো যে প্ৰচাৰ হোৱা ভিডিওটো ভুৱা দাবীৰে মানুহক বিপথে পৰিচালিত কৰিছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক