সত্যতা নিৰূপনঃ সম্পাদিত ফটো এখনক লছ এঞ্জেলেছৰ এটা পথ “ৰাসু ৱান্নিয়াৰ” এভিনিউ হিচাপে নামান্তৰ কৰা বুলি দাবী কৰা হৈছে

0 369

‘ ৰাসু ৱান্নিয়াৰ এভিনিউ’ বুলি লিখা এখন ছাইন বৰ্ডৰ ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে লছ এঞ্জেলেছৰ এটা পথ তামিল ছফটৱেৰ ইঞ্জিনিয়াৰ-ব্যৱসায়ী ৰাসু ৱান্নিয়াৰৰ নামত পুনৰ নামাকৰণ কৰা হৈছে।  

ফটোখনৰ সৈতে তামিলত লিখা আছে- “ আমাৰ জাতিৰ বাবে এয়া গৌৰৱৰ কথা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া চৰকাৰে এঞ্জেলেছৰ এটা পথ তামিললাডুৰ প্ৰবাসী ছফটৱেৰ ইঞ্জিনিয়াৰ-ব্যৱসায়ী ৰাসু ৱান্নিয়াৰৰ নামত পুনৰ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে।

ওপৰৰ  পোষ্টটটোৰ 

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী অমুলক  বুলি প্ৰতিপন্ন কৰে।

আমি মূল শব্দ ব্যৱহাৰ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো। কিন্তু এনে কোনো বাতৰি লাভ নকৰিলো। আমি গুগল মেপতো বিচাৰিলো কিন্তু লছ এঞ্জেলেছৰ কোনো স্থানতেই এই নামটো নেদেখিলো।

তাৰ পাছত আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত বিচাৰ কৰাত আমি এটা ব্লগ পোষ্টত মূল ফটোখন দেখিলো। লগে লগে স্পষ্টকৈ ওলাই পৰে যে মূল ফটোখনত থকা ছাক্ৰামেণ্টো (Sacramento)ৰ স্থানত ‘ ৰাসু ৱান্নিয়াৰ এভিনিউ’বুলি ফটোখনত লগাই দিয়া হৈছিল।

 তলত ভাইৰেল আৰু মূল ফটোদুখনৰ ৰিজনি দিয়া হ’ল।  

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল ফটোখন ভুৱা আৰু লছ এঞ্জেলেছৰ এখন ফটো সম্পাদনা কৰি ‘ ৰাসু ৱান্নিয়াৰ এভিনিউ’ বুলি লগাই দিয়া হৈছিল।   

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক