সত্যতা নিৰূপনঃ সইউক্ৰেইনৰ পতাকা সলোৱাৰ পুৰণি ফটোকেই ইউক্ৰেইনৰ পতাকা সলাই ৰাছিয়াৰ পতাকা লগোৱা ফটো বুলি ক’ব বিচৰা হৈছে

0 227

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ২০২২ৰ ১৪ এপ্ৰিলত আজভ সাগৰৰ বন্দৰ নগৰী মাৰিউপুলৰ আজভষ্টল ষ্টীল প্ৰতিষ্ঠানত বহুকেইজন প্ৰতৰক্ষা কৰ্মী আবদ্ধ হৈ থকা সত্বেও নগৰখন স্বাধীন”  হোৱা বুলি ঘোষণা কৰিছিল।

ওপৰত উল্লেখ কৰা এই ঘটনাৰ প্ৰসংগতেই এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনৰ কেপচনত দাবী কৰা হৈছে যে ৰাছিয়া কৰ্তৃপক্ষই মৰিউপুলত ইউক্ৰেইনৰ পতাকা নমাই ৰাছিয়াৰ পতাকা উৰুৱাইছে।  

পোষ্টটোত থকা কেপচনত আছে-মাৰিউপুলত যোৱা সপ্তাহ কেইটাত চলা ভীষণ যুদ্ধৰ পাছত ৰ ইলিচৰ ওপৰত  Krasnoye znamyaৰ ৰঙা পতাকা উৰুওৱা হৈছে।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী অমুলক  বুলি প্ৰতিপন্ন কৰে।

এই সন্দৰ্ভত ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি একেখন ফটোখন ২০১৫ৰ ৩ ছেপ্তেম্বৰত আন এটা ৱেবছাইটত প্ৰচাৰ হোৱা দেখিলো।

 আমি VOXKOMM International নামৰ এটা ইউটিউব চেনেলত ২০১৫ৰ ৪ মাৰ্চত ইয়াৰ এটা ভিডও প্ৰচাৰ হোৱাও দেখিলো। ভিডিওটোৰ বিৱৰণিত আছিল- প্ৰিজৰাক ব্ৰিগেড নামৰ কমিউনিষ্ট সংগঠনটোৱে স্বাধীন ডেবালষ্টভত ৰাছিয়াৰ পতাকা উত্তোলন কৰে।

অবশ্যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ অধিগ্ৰহণ কৰা স্থানসমূহত ৰাছিয়াৰ সৈন্যই ৰাছিয়াৰ পতাকা উৰুওৱা বাতৰি প্ৰচাৰ হৈ আছে।   

ইয়াৰ পৰাই স্পষ্ট হয়, ফটোখন পুৰণি আৰু ইউক্ৰেইনৰ পতাকা আঁতৰাই ৰাছিয়াৰ পতাকা, উৰুওৱা শেহতীয়া ঘটনাৰ ফটো নহয়।

 

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক