সত্যতা নিৰূপণ: সএই ভিডিওটো কোভিড১৯ৰ প্ৰতিকূল সময়ত ছাউডি আৰবৰ কেচিনোৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 364

ছৌডি আৰবৰ পৰম্পৰাগত পোছাক পৰিহিত কেইজনমান লোকে তাছ খেলি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত এই ভিডিওটো কোভিড ১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তেই ছৌডি আৰবৰ এটা কেচিনোৰ বুলি দাবী কৰা হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে- “এই ছৌডি আৰবৰ লোকসকলে কোভিডৰ বাবে মক্কাত বাধ্যবাধকতা জাৰি কৰিছে, কিন্তু কেচিনোত নহয়।”

টুইটাৰ তো একেই দাবীৰে ভিডিওটো প্ৰচাৰ কৰা হৈছে।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত আমি একেই ভিডিও ২০১৮ৰ এপ্ৰিলত টুইটাৰত প্ৰচাৰ হোৱা দেখিলো। ইয়াৰ পৰাই তথ্য লৈ আৰু কেতবোৰ মূল শব্দৰ সয়াহত আমি আৰু অধিক অনুসন্ধান কৰাত আমি অল আৰবীয়া নামৰ এটা ইংৰাজী ভিডিও সংবাদ প্ৰতিষ্ঠানে ২০১৮ৰ ৫ এপ্ৰিলত প্ৰচাৰিত ভিডিও লাভ কৰিলো। তাৰ শিৰোনামত লিখিছে- “ৰিয়াধত বেলুট প্ৰতিযোগিতাৰ আৰম্ভনি।”.

বাতিৰত প্ৰকাশ পোৱা অনুসৰি ছৌডি আৰবে প্ৰথম বাৰলৈ ৰাজধানী চহৰ ৰিয়াধত তাছ খেল প্ৰতিযোগিতা টবেলুট টুৰ্ণামেণ্ট’ৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম চাৰিজন আৰু বিজেতালৈ ক্ৰমে ১ মিলিয়ন আৰবীয় মুদ্ৰা (২৭০০০০ মাৰ্কিন ডলাৰ) আৰু ৫০০০০০ মিলিয়ন আৰবীয় মুদ্ৰা প্ৰদান কৰা হ’ব। ১২ হাজাৰতকৈও অধিক লোকে ফ্ৰান্সৰ বেলুট আৰু ভাৰত আৰু পাকিস্তানত খেলা ৰামী কেলৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

চৌডি প্ৰেছ এজেন্সীত ২০১৮ৰ ৪ এপ্ৰিলত প্ৰকাশিত এটা বাতৰিত চৌডি আৰবৰ ক্ৰীড়া প্ৰাধিকৰণে এই খেলৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰিছিল। বাতৰিটোৰ মতে কেইবাজনো বিখ্যাত, ছেলিব্ৰেটী, ৰাজনেতা, প্ৰাক্তন ফুটবল খেলুৱৈয়ে এই টুৰ্ণামেণ্টত অংশ লৈছিল।

সেয়ে এয়া স্পষ্ট হ’ল যে ছৌডি আৰবৰ বেলুট টুৰ্ণামেণ্টৰ পুৰণি ভিডিওকেই মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক