সত্যতা নিৰূপণ: সনহয়, কংগনা ৰানাৱতে বিএছএফ জোৱান সকলৰ সৈতে বিজয় দিৱস পালন কৰা নাই

0 249

১৯৭১ চনৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ বাবে  প্ৰতি বছৰ ১৬ ডিচেম্বৰত বিজয় উত্সব পালন কৰা হয়। এই দিনটোতেই পাকিস্তান সেনাৰ জেনেৰেল আমিৰ আব্দুল্লা খানে ৯৩০০০ পাকিস্তানী সেনাৰ সৈতে ভাৰতীয় সেনা আৰু বাংলাদেশৰ মুক্তি বাহিনীৰ যৌথ শক্তিৰ সন্মুখত আত্ম সমৰ্পণ কৰিছিল।

এনে সময়তে শেহতীয়াকৈ বিএছএফ জোৱানসকলৰ সৈতে অভিনেত্ৰী কংগণা ৰানাৱতৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত দাবী কৰা হৈছে এই বছৰ বিজয় দিবস অভিনেত্ৰীগৰাকীয়ে বিএছএফ জোৱানসকলৰ সৈতে উদযাপন কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে কেপচনৰ সৈতে ফটোখন প্ৰচাৰ কৰিছে-  #কংগণা ৰানাৱতে #বিএছএফৰ সৈতে উদযাপন কৰিছে স্বৰ্ণিম বিজয় দিবস#১০৭১ৰ যুদ্ধ #বাংলাদেশৰ সৈতে বিএছএফ ১৯৭১ #বিজয় দিৱস।”

একে দাবীৰেই ফটোখন টুইটাৰতো কেইবাবাৰো প্ৰচাৰ হৈছে।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত আমি নৱোদয় টাইমছত ২০১৭ চনৰ ২ অক্টোবৰত প্ৰচাৰিত বাতৰিত একেটা অনুষ্ঠানৰেই কেইবাখনো ফটো দেখা পালো।

আৰু অধিক অনুসন্ধানত আমি ইণ্ডিয়ান এক্সপ্ৰেছে ইউটিউবত প্ৰচাৰ কৰা এটা বাতৰি লাভ কৰিলো। বাতৰিটোৰ মতে ৰানাৱতে তেওঁৰ ছবি ৰেংগুণৰ প্ৰচাৰৰ বাবে জম্মুৰ সেনাৰ শিবিৰত উপস্থিত হৈছিল।

সেয়ে, ২০১৭ৰ এখন পুৰণি ফটোকেই ৰামাৱতে বিএছএফ জোৱানৰ সৈতে বিজয় দিৱস পালনৰ শেহতীয়া ছবি বুলি প্ৰচাৰ কৰা কথাটো স্পষ্ট হ’ল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক