সত্যতা নিৰূপণ : সএই ফটোখনত নাইনিতালত মানুহে নামাজ পঢ়ি থকা দেখুওৱা হৈছে নেকি?

0 1,080

সামাজিক মাধ্যমত এখন ফটো কলাজ বহুল ভাবে প্ৰচাৰ হৈছে, তাত ১২ বছৰ আগৰ নাইনিতালৰ সৈতে বৰ্তমানৰ নাইনিতালৰ ৰিজনি দিয়া হৈছে। প্ৰথম ফটোখনত এটা পথত খোজ কাঢ়ি থকা মানুহৰ দৃস্য দেখাই কোৱা হৈছে নাইনিতাল ২০১০আৰু দ্বিতীয়খনত পথৰ ওপৰত বহু মানুহে নামাজ পঢ়ি থকা দেখুওৱা হৈছে, তাত দাবী কৰা হৈছে এই দৃশ্য নাইনিতালৰ ২০২২ চনৰ।

ওপৰৰ পোষ্টটোৰ নিংক  ইয়াত.আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰিছে।  

প্ৰথম ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত আমি ২৬ এপ্ৰিল ২০২২ত ইণ্ডিয়ান হোটেলৰ ৱেব ছাইটত প্ৰকাশ হোৱা দেখিলো। ফটোখনৰ শিৰোনামত নাইনিতালত স্মৰণীয় থকা-খোৱাৰ বাবে নাইনিতাল মল ৰডৰ ১০ খন উত্কৃষ্ট হোটেল বুলি লিখা আছে।

 

দ্বিতীয় ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি অল জাজিৰাত ২০১৮ৰ ২৪ জানুৱাৰীত প্ৰচাৰ কৰা দেখিলো।তাৰ সৈতে থকা বাতৰিটোত লিখা আছে-১৩০খন দেশৰ দুই মিলিয়নতকৈও অধিক মুছলমানে বাংলাদেশৰ বিশ্ব ইজতেমাত একত্ৰিত হৈছে।

দেখা গল, প্ৰথম ফটোখন নাইনিতালৰ যদিও দ্বিতীয়খন বাংলাদেশৰ. গতিকে ভাইৰেল পোষ্টটোৰ দাবী ভুৱা। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।