সত্যতা নিৰূপণ : ৰাহুল গান্ধীৰ পুৰণি ভিডিও এটাকেই উদয়পুৰৰ চিন্তন শিৱিৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে

0 1,006

ৰাহুল গান্ধীয়ে কেইজনমান লোকৰ সৈতে কথা পাতি থকা এটা ভিডিও সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিও ৰাজস্থানৰ উদয়পুৰৰ চিন্তন শিৱিৰৰ সময়ৰ।

এজন  ফেচবুক বাযৱহাৰকাৰী য়ে ভিডিওটোৰ সৈতে হিন্দীতে কেপচনত লিখিছে- চিন্তন শিৱিৰত যুৱৰাজক প্ৰথমে ক, কেতিয়া, কি কব লাগে সেয়া বুজোৱা হয় আৰু এই মহাশয়ে সপোন দেখিছে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ। 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই ভাইৰেল ভিডিওটোক সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা আৰু মিছা দাবীৰে প্ৰচাৰ কৰা বুলি প্ৰতিপন্ন কৰিছে।  

মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত আমি একেটা ভিডিও, ২০২২ৰ ৭ মেত ইণ্ডিয়া টুডেইউটিউব চেনেলত প্ৰচাৰিত হোৱা দেখিলো।   

ভিডিওটোৰ শিৰোনামত লিখিছে কি কব লাগে’: ৰাহুল গান্ধী পুনৰ এই স্পষ্ট ভিডিওটোত চৰ্চালৈ আহিছে, বিজেপিয়ে কংগ্ৰেছ সাংসদসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।   

বাতৰিটোৰ মতে এই ভিডিওটো ৬ মেত ৰাহুল গান্ধীয়ে ৱাৰেংগলত ৰাজহুৱা সভাত অংশ গ্ৰহণৰ উদ্দেশ্যে তেলেংগানা ভ্ৰমণৰ সময়ত তেলেংগানা কংগ্ৰেছৰ নেতাসকলৰ সৈতে কথা পাতি থকা সময়ত ৰেকৰ্ড কৰা হৈছিল। 

দ্য টাইমছ অৱ ইণ্ডিয়া য়ো একেটা ভিডিও প্ৰচাৰ কৰি এটা বাতৰি প্ৰকাশ কৰিছিল।

নিউজ মোবাইলে ভিডিওটো নিজাবৱীয়াকৈ পৰীক্ষা কৰিব নোৱাৰিলে যদিও উত্ঘাটন হোৱা  তথ্যৰ পৰা এয়া যে পুৰণি ভিডিও আৰু ই উদয়পুৰৰ চিন্তন শিৱিৰৰ নহয় সেয়া স্পষ্ট হৈছে।

এই তথ্যই প্ৰমাণ কৰে য়ে ভাইৰেল ভিডিওটো ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তৰ  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।