সত্যতানিৰূপণ: এই ফটোখন আফগানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানী দেশ এৰি পলাই য়োৱাৰ সময়ৰ নেকি? সত্য জানিবলৈ পঢ়ক।

0 238

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে বিমান এখনৰ খিৰিকীৰে বাহিৰলৈ চাই থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত দাবী কৰা হৈছে যে তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ঘানী দেশ এৰি পলোৱাৰ সময়ত সংগ্ৰহ কৰা হৈছিল এই ফটোখন।

ফেচবুকত প্ৰচাৰ কৰা ফটোখনৰ কেপচনত আচে- , “এয়া আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে পলাবলৈ ধৰিছে। আপুনি লক্ষ্য কৰিছিনে, তেঁওৰ সৈতে এজনো আফগান লোক নাই। তেঁওলোকক তেঁওলোকৰ ভাগ্যৰ বাবে এৰি তেঁও মুখ ঘুৰাইছে। আমেৰিকাই কেৱল তেঁওলোকৰ দূতাবাসৰ কৰ্মচাৰীসকলকহে স্থানান্তৰিত কৰিছে, আফগানসকলক নহয়। এয়া পূৰ্ব নিৰ্দেশিত। বিসেষকৈ নাইজেৰীয়সকলক কোৱা হৈছিল কিবা অঘতন ঘটিলে তেঁওলোকক বিমানেৰে লৈ যোৱা হব। নহয়, আমি সকলোৱে ইয়াত জীয়াতু ভুগিব লাগিব।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।  একে ধৰণৰ পোষ্ট ইয়াত আৰু ইয়াত পাব।

পোষ্টটো ফেচবুকত ভাইৰেল হৈছে।

সত্যতানিৰূপণ

নিউজমোবাইলেওপৰৰপোষ্টটোৰসন্দৰ্ভতঅনু,ন্ধানকৰিপোষ্টটোৰদাবীভুৱাবুলিনিশ্চিতকৰে।

আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আফগানিস্তান ইছলামিক ৰিপাব্লিকৰ ফেচবুক পেজত ২০২১ চনৰ ৯ জুলাইত প্ৰচাৰিত এটা ফেচবুক পোষ্ট লাভ কৰো।  তাত উল্লেখ কৰা অনুসৰি আশ্ৰফ ঘানীয়ে বাগ্ৰাম এয়াৰফিল্ড ভ্ৰমণৰ সময়ত এই ফটোখন গ্ৰহণ কৰা হৈছিল।

আন কেইখনমান ফটোৰ সৈতে এই একেখন ফটো আফগানিস্তানৰ ৰা,্ট্ৰপতিৰ টুইটাৰতো প্ৰচাৰ কৰা হৈছে। টুইটটো চাবলৈ ইয়াত ক্লিক কৰক।

 

এয়া সত্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ৰাষ্ট্ৰপতি ঘানী পলাই গৈছিল।  ২০২১ চনৰ ১৫ আগষ্টত এটা ফেচবুক পোষ্টত ঘানীযে ৰক্তপাত নিবিচাৰে বুলি প্ৰকাশ কৰিছিল।

“তালিবানে অস্ত্ৰৰে জয় কৰিলে, তেঁওলোকে এতিয়া দেশবাসীৰ সকলো ক্ষেত্ৰৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰিব” ঘানীয়ে প্ৰকাশ কৰিছিল।

তালিবানে আফগানিস্তানৰ শাসন কাঢ়ি নিয়াৰ পাছত  অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত তালিবানীসকলে দেশখনৰ পৰিবেশ অশান্ত কৰি তুলিলে। ইয়াৰ বিপৰীতে প্ৰতিৰক্ষা শক্তিয়ে তাঞ্জশ্বিৰ উপত্যকা ৰক্ষাৰ বাবে তালিবানৰ বিৰুদ্ধে থিয় দিছিল।

এই তথ্যই প্ৰমাণ কৰে য ভাইৰেল ফটোখন ঘানীয়ে বাগ্ৰাম এয়াৰ ফিল্ড পৰিদৰ্শনৰ সময়ৰহে। ভাইৰেল ফটোখনৰ সৈতে কৰা দাবী ভুৱা।

আপোনাৰোযদিকোনোতথ্যবাবাতৰিৰসত্যতানিৰূপণকৰিবলগীয়াআছে, তেন্তে +91 11 7127 979l9এইনম্বৰতহোৱাটচআপকৰক