সত্যতা নিৰূপণ: আইচলেণ্ডৰ অনুৰাগীয়ে ভাইকিং ক্লেপ বজোৱা পুৰণি ভিডিও ফ্ৰান্সৰ শেহতীয়া প্ৰতিবাদৰ ভিডিও বুলি দাবী কৰা হৈছে।

0 255

বিশাল জনসংখ্যাৰ গোটৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিওটো ফ্ৰান্সৰ প্ৰতিষেধক বিৰোধী প্ৰতিবাদৰ ভিডিও বুলি দাবী কৰা হৈছে।

ফটোৰ সৈতে থকা কেপচনত আছে, “সমগ্ৰ ফ্ৰান্সৰ জনসাধাৰণে টিকাকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰে আৰু পোষ্টটোত কৰা দাবী অসত্য বুলিও নিশ্চিত কৰে।

ভিডিওটোৰ কেইটামান কী-ফ্ৰেমৰ ফটো সংগ্ৰহ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৬ চনৰ ৫জুলাইৰ এটা ইউটিউব ভিডিও লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত আছে- “১০০০০ আইচলেণ্ডৰ অনুৰাগীয়ে ভাইকিং ধ্বনীৰে চাপৰি বজাইছে – Palmadas vikingas (03-07-2016).”

বিৱৰণিত লিখা আছে- “আইচলেণ্ডৰ অনুৰাগীয়ে ২০১৬চনৰ যুৰো কাপত নিজ দেশৰ দলক উদগণি যোগাবলৈ ৰেইকজাভিকৰ আৰ্নাৰহোলিত ভাইকিং ক্লেপ বজাইছে।.”

২০১৬ যুৰো কাপৰ প্ৰচাৰৰ সময়ত আইচলেণ্ডৰ ৩৩৩,০০০ জনতাৰহৈ সমৰ্থকসকলে ভাইকিং ক্লেপেৰে সমৰ্থন আগবঢ়াইছে।

আমি বেঞ্চ ৱাৰ্মাৰৰটুইটাৰ হেণ্ডেলতো একেটা ভিডিও দেখা গৈছে। ভিডিওটো ২০১৬ চনৰ ৪ জুলাইত আপলোড কৰা হৈছিল।

আশ্চৰ্যকৰ, ১০০০০ আইচলেণ্ডবাসীয়ে বজাইছে ভাইকিং ক্লেপ …#Isl #Euro2016

Credit: @siminn pic.twitter.com/uyj5TDm4fg

কেইটামান মূল শব্দ আমি ইণ্টাৰনেটত সন্ধান কৰাত ২০১৬ চনৰ ৫ জুলাইত ৱাস্বিংটন পোষ্টত প্ৰকাশিত এটা বাতৰি আমি লাভ কৰিলো।বাতৰিৰ শিৰোনামত আছিল- “চাওক: আইচলেণ্ডৰ এই বৃহত্ সংক্যক দৰ্শকে ভাইকিং ক্লেপেৰে তেঁওলোকৰ নায়কসকলক অভিনন্দন জনাইছে।”

বাতৰিটোৰ মতে, যুৰোপৰ আটাইতকৈ সৰু ৰাষ্ট্ৰ হৈও তেঁওলোকে ইংলেণ্ডক হৰুৱাইছিল।

শেযত আমি গুগল মেপত আইচলেণ্ডৰ ৰেয়কজাভিকৰ আৰ্নাৰহোল বিচাৰিলো আৰু সেই ঘৰটো দেখিলো যিটো ভিডিওটোত আছিল।

দুয়োটাৰ শ্নেপশ্বত মিলাই চোৱাত এই ভিডিও আইচলেণ্ডৰ বুলি স্পষ্ট হ’ল।

সেষত কব পাৰি এই ভিডিওটো ২০১৬ চনৰ আইচলেণ্ডৰ আৰু ইয়াৰ সৈতে ফ্ৰান্সৰ টিকাকৰণ বিৰোধী প্ৰতিবাদৰ কোনো সম্পৰ্ক নাই।

 

ইয়াৰ পূৰ্বেও ফ্ৰান্সৰ টিকাকৰণ বিৰোধী প্ৰতিবাদৰ বুলি দাবী কৰা বহু ফটো, ভিডিও নিউজ মোবাইলে অসত্য বুলি নিশ্চিত কৰিছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 9799-  এই নম্বৰত হোৱাটচ আপ কৰক