সত্যতা নিৰূপণ: হেলমেট নোহোৱাকৈ থকা মহাকাশচাৰী সকলৰ এই ফটো চন্দ্ৰপৃষ্ঠৰ নেকি? নহয়, এয়া অতি চাতুৰ্যৰে কৰা ভুৱা প্ৰচাৰ

0 451

মহাকাশচাৰীৰ পোছাক পৰিধান কৰা তিনিজন লোকৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।ফটোখনত তিনিওজনকে চন্দ্ৰপৃষ্ঠত হেলমেট পৰিধান নকৰাকৈ থকা দেখা গৈছে, এনেদৰেই চন্দ্ৰত ষড়যন্ত্ৰমূলকভাবে উপস্থিত হোৱাৰ ইংগিত দিছে।

ফটোৰ সৈতে লিখা আছে-“ফটোখনত চন্দ্ৰপৃষ্ঠত এই লোককেইজনে হেলমেট খুলি থোৱা দেখা গৈছে।”

ওপৰৰ পোষ্ট.টোৰ লিংক ইয়াত আছে। একেধৰণৰ পোষ্ট  ইয়াত আৰু  ইয়াত পাব।

ফটোখন ফেচবুকত ভাইৰেল হৈছে।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটো ভুৱা বুলি নিশ্চিত কৰে

ফটোখন আমি সাদাৰণ বাবে ৰিবাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি NASAৰ প্লিকাৰ একাণ্টত ভাইৰেল হোৱা  একেখন ফটো দেখা পালো।

ফটোখনৰ কেপচনত লিখা আছে, “চন্দ্ৰত আবতৰণ কৰা মিছনৰ প্ৰশিক্ষণৰ সময়ত এপ’ল’১৬ৰ মহাকাশচাৰী সকল (বাঁওফালৰ পৰা) লুনাৰ মডিউলৰ পাইলট চাৰ্লছ এম ডিউক, কমাণ্ডাৰ জন ডব্লিউ য়ং, কমাণ্ড মডিউল পাইলট ২য় কে মাটিংলী।” তাত থকা বৰ্ণনা অনুসৰি ফটোখন ১৯৭২ চনৰ ৬ ফেব্ৰুৱাৰীত তোলা।

 

NASAৰ নিউজলেটাৰ ত উল্লেখ কৰা অনুসৰি এপ’ল’১৬ মহাকাশ যানখন ১৯৭২ চনৰ ২০ এপ্ৰিলত চন্দ্ৰত অবতৰণ কৰিছিল। ইয়ে স্পষ্ট কৰি দিয়ে যে ভাইৰেল হোৱা ফটোখন এপ’ল’১৬ মহাকাশ যানখন চন্দ্ৰত অবতৰণ কৰাৰ দুমাহ পূৰ্বে তোলা হৈছিল।

আৰু অধিক অনুসন্ধান কৰাত আমি  NASA  হিষ্টৰী অফিচ বুকত একেখন ফটোৱেই দেখিলো। ফটোখনৰ কেপচনত লিখা আছিল, “এপ’ল’১৬ৰ মহাকাশচাৰী সকলে প্ৰশিক্ষণৰ সময়ত কেনেডী স্পেছ চেণ্টাৰত এনেদৰে ফটোৰ বাবে প’জ দিছে। ফটোত থকাকেইজন (বাঁওফালৰ পৰা) লুনাৰ মডিউলৰ পাইলট চাৰ্লছ এম ডিউক, কমাণ্ডাৰ জন ডব্লিউ য়ং, কমাণ্ড মডিউল পাইলট ২য় কে মাটিংলী।”

আৰু অধিক অনুসন্ধানত আমি অন্যএটা ৱেবছাইট  ত ভাইৰেল হোৱা ফটোখন দেখা পালো। ফটোখনৰ কেপচনত আছিল- “প্ৰশিক্ষণৰ সময়ত এপ’ল’১৬ৰ মহাকাশচাৰী সকল (বাঁওফালৰ পৰা) লুনাৰ মডিউলৰ পাইলট চাৰ্লছ এম ডিউক, কমাণ্ডাৰ জন ডব্লিউ য়ং, কমাণ্ড মডিউল পাইলট ২য় কে মাটিংলী।”

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হল যে মহাকাশচাৰীসকলে চন্দ্ৰত হেলমেট নোহোৱাকৈ থাকি ফটো তোলা নাই। ফটোখনত ১৯৭২ চনৰ এটা চন্দ্ৰ অভিযানৰ বাবে প্ৰশিক্ষণৰ সময়ত মহাকাশচাৰীকেইজনে ফটো তোলাৰ কথাহে প্ৰকাশ কৰিছে।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক