সত্যতা নিৰূপণ: ভাইৰেল হোৱা এই ভিডিওটো বাংলাদেশৰ মন্দিৰ জ্বলোৱা দৃশ্যৰ নেকি ? সত্য জানিবলৈ পঢ়ক

0 317

বাংলাদেশৰ কোমিলাত শেহতীয়া দুৰ্গা পূজাৰ সময়তেই কোৰাণক অপমান কৰাৰ ভুৱা অভিযোগৰ পাছত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষৰ সময়ত উন্মত্ত জনতাৰ এটা দলে কেইবাটাও ঘৰ জ্বলাই দিয়াৰ লগতে বহু কেইটা মন্দিৰ আক্ৰমণ কৰে আৰু ৰংপুৰৰ পিৰগাণি উপজিলাৰ কেইবাটাও হিন্দু পৰিয়ালক আক্ৰমণ কৰে।

এনে ঘটনাৰ সময়তে সামাজিক মাধ্যমত এটা ভিডিও ভাইৰেল হৈছে, ভিডিওটোত দাবী কৰা হৈছে যে মন্দিৰ জ্বলাই দিয়া এই ঘটনাটো বাংলাদেশৰ ৰংপুৰৰ পিৰগাণি উপজিলাৰ।

ভিডিওটোৰ সৈতে থকা কেপচনত লিখা আছে- “ৰংপুৰৰ পৰিস্থিত অতি ভয়াবহ হৈ আছে। হিন্দুসকলৰ ঘৰ আৰু মন্দিৰ জ্বলাই দিয়া হৈছে। মুছলমান দুস্কৃতিকাৰীয়ে ৰংপুৰৰ পিৰগাণি উপজিলাৰ ঘৰবোৰ জ্বলাই দিছে। সিহঁতে কৈ থাকিব, হিন্দুৰ অনুষ্ঠানত ফটকা ফুটাব নোৱাৰিব, কিন্তু হিন্দুৰ ঘৰ জ্বলোৱা কাৰ্যত এষাৰো মাত নামাতিব।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত. আছে। একে ধৰণৰ পোষ্ট ইয়াতইয়াত আৰু  ইয়াত আছে।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ভিডিওটোৰ কেইবাটাও কী ফ্ৰেম কাটি ফটো উলিয়াই আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত টাইমচ ৱেবছাইটত ২০২১ৰ ১৪ অক্টোবৰত প্ৰচাৰিত বাতৰিত ভিডিওটোৰ স্ক্ৰীণশ্বট দেখা পালো। তাৰ শিৰোনামত লিখা “ত্ৰিপুৰাৰ এখন পূজা পেণ্ডেল আৰু চাৰিখনকৈ দোকান ভস্মীভূত হয়।”  বাতৰিত প্ৰকাশ পোৱা মতে ত্ৰিপুৰাৰ কমলপুৰৰ মাৰাছেৰা পূজা সমিতিৰ পূজা পেণ্ডেলত জুই লাগে আৰু পেণ্ডেলসহ চাৰিখন দোকান জুইত জাহ যায়।

আমি মূল ফটোখনৰ সৈতে ভাইৰেল হোৱা ভিডিওটোৰ ফটো ৰিজাই চালো, দুয়োখন একেই ফটো।

হাইপাৰ লোকেল মিডিয়া অৰ্গেনাজেছনৰ ছোচিয়েল ত্ৰিপুৰা নেটৱৰ্কৰ ফেচবুক পেজত ২০২১ৰ ১৩ অক্টোবৰত প্ৰচাৰিত ভিডিওটোৰ কেপচনত লিখা আছিল- “সপ্তমীৰ নিশা ভয়াবহ অগ্নিকাণ্ডত জ্বলি ছাই হয় মরাছৰা বাজারে দুর্গামণ্ডপসহ একাংশ দোকান।।।।”. (English translation: On the night of Saptami (7th day of Navaratri), a terrible fire broke out and some shops including Durgamandap were burnt in the fire.”)

এনেদৰেই প্ৰমাণ হয়, এই ভিডিওটো ত্ৰিপুৰাৰ, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰৰ,চলি থকা ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9এই নম্বৰত হোৱাটচ আপ কৰক