সত্যতা নিৰূপনঃ ভাইৰেল হোৱা ভিডিওটোত আফগানিস্তানত তালিবানে মোবাইল ভাঙি থকাৰ ঘটনাৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 510

সামৰিক পোছাকত থকা একাংশ লোকে মোবাইল ফোন ভাঙি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে দাবী কৰা হৈছে যে আফগানিস্তানত তালিবানে মোবাইল পোন ভাঙি থকাৰ দৃশ্য এয়া।

ভিডিওটোৰ সৈতে থকা কেপচনত লিখা আছে “নিতালিবানে চেল ফোন নিষিদ্ধ কৰিছে, তেওঁলোকে দেশৰ সকলোবোৰ চেল ফোন ভাঙি পেলাইছে। ”

পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

আমি ভিডিওটোৰ মূল প্ৰেমসমূহ কাটি ফটোবোৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ডন ক্ৰিয়েটৰ নামৰ চেনেলটোত ২০২২ৰ ৫ জানুৱাৰীত একেটা ভিডিও প্ৰচাৰ হোৱা দেখা পালো। ভিডিওটোৰ শিৰোনামত আছে-  “অবৈধ ভাবে সৰবৰাহ কৰা মোবাইল পাকিস্তান সেনাই ধ্বংস কৰিছে। #Shorts.”

ইয়াৰ পৰা উত্স লৈ আৰু মূল শব্দবোৰৰ প্ৰয়োগেৰে অধিক বিচৰাত একে ধৰণৰ ভিডিও ২০২১ৰ ৩০ ডিচেম্বৰত  যশোৱন্ত নিউজতো প্ৰচাৰ হোৱা দেখিলো। ভিডিওটোৰ বিৱৰণিত লিখা আছে-  “বছৰটোৰ শেষত পাকিস্তানৰ শুল্ক বিভাগে কৰাচীত আয়োজন কৰা কাৰ্যসূচীত অবৈধ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হয়। প্ৰায় ২.৫ বিলিয়ন টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী ধ্বংস কৰা হৈছে। এই সামগ্ৰীসমূহত আছে ২৪৯ কিলোগ্ৰাম ড্ৰাগছ, বহু পৰিমাণৰ বিদেশী সুৰা, বীয়েৰ, ধঁপাত, ছুইংগাম, ইত্যাদি। শুল্ক বিভাগৰ আয়ুক্ত ফিৰোজ আলম জুনেজোই এই সামগ্ৰীসমূহৰ সবিশেষ তথ্য দিয়ে। তেওঁ জনোৱা অনুসৰি বিভাগটোৱে অবৈধ সৰবৰাহ আৰু ড্ৰাগছৰ দৰে অৰ্থনৈতিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান চলাই থাকিব। কাষ্টম এনফোৰ্চমেণ্টৰ মুখ্য নিয়ন্ত্ৰক আব্দুল কাদিৰ মেমনে কয়, অবৈধ সৰবাৰহ হৈছে অৰ্থনৈতিক সন্ত্ৰাসবাদ। এই কাৰ্যসূচীত বিদেশী ৰাষ্ট্ৰদূত, বিভিন্ন আইনী সংস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত আছিল। কাৰ্যসূচীৰ মুক্য অতিথি আছিল আব্দুল কাদিৰ মোমন। ”

দ্য এক্য়প্ৰেছ ট্ৰিবিউন ৰ্তো ২০২১ৰ ৩০ ডিচেম্বৰত একেটা বাতৰি প্ৰকাশ পাইছিল। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি পাকিস্তান শুল্ক বিভাগৰ বিষয়াই ২.৫ বিলিয়ন টকা মূল্যৰ অবৈধ সৰবৰাহ কৰা দ্ৰব্য, ড্ৰাগছ আদিক অৰ্থনৈতিক সন্ত্ৰাসবাদ আখ্যা দি সেই সমূহ ধ্বংস কৰে।

এই তথ্যই প্ৰমাণ কৰে পাকিস্তানৰ শুল্ক বিভাগে অবৈধ সৰবৰাহ কৰা সামগ্ৰী ধ্বংস কৰা ঘটনাৰ ভিডিওকেই তালিবানে মোবাইল ফোন ধ্বংস কৰা বুলি ভুৱাকৈ  প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক