সত্যতা নিৰূপণ: ভাইৰেল ভিডিওটোত মানুহবোৰে অলিম্পিকৰ শেষান্ত সমাৰোহৰ নেকি? সত্য জানিবলে পঢ়ক

0 318

সামাজিক মাধ্যমত একাংশ মানুহে নাচি থকা এটা ভিডিও ভাইৰেল হৈছে। ভাইৰেল ভিডিওটো টকিঅ’ অলিম্পিকৰ শেষান্ত সমাৰোহৰ বুলি দাবী কৰা হৈছিল। ২০২১ চনৰ ৮ আগষ্টত অনুষ্ঠিত হৈছিল অলিম্পিকৰ শেষান্ত সমাৰোহ।

ভাইৰেল ভিডিওটোৰ সৈতে লিখা আছে, “২০২১ অলিম্পিকৰ শেষান্ত সমাৰোহ। যেন প্ৰতিজন মানুহেই ডিজিটেল মাধ্যমত প্ৰ’গ্ৰাম কৰি থোৱা…”

পোষ্টটোৰ লিংক  ইয়াত.আছে। একে ধৰণৰ পোষ্ট  ইয়াতইয়াতইয়াত আৰু ইয়াত আছে।.

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোত দাবী কৰা কথা ভুৱা বুলি নিশ্চিত কৰে।

ভিডিওটোৰ কেইবাটাও ফ্ৰেমত ফটো সংগ্ৰহ কৰি InVid tools  ৰ সহায়েতে ৰিভাৰ্ছ ইমেজ চাৰ্ছত বিচাৰ কৰাত এটা ফ্ৰেমৰ বিপৰীতে ২০১৪ চনৰ ১৩ ফেব্ৰুৱাৰীত  Vk.ruত প্ৰচাৰিত একেটা ভিডিও লাভ কৰিলো।

ভিডিওটোৰ শিৰনোমত ৰুছ ভাষাত লিখা আছে- “Групповые перестроения в исполнении Японских студентов.” (জাপানী শিক্ষাৰ্থীয়ে পুনৰ পৰিবেশন কৰা অনুষ্ঠান)

এম্বেডী নামৰ আন এটা ৱেব ছাইটতো সেই ভিডিওটো প্ৰচাৰ কৰা হৈছিল আৰু ভিডিওটো জাপানৰ শিক্ষাৰ্থীৰ বুলি উল্লেখ কৰা হৈছিল।

ইয়াৰ পৰাই তথ্য লৈ জাপান, নৃত্যানুষ্ঠান আদি শব্দৰ সহায়েৰে আমি ইণ্টাৰনেটত বিচাৰ কৰাত ডায়েজোনেল ভিউজ নামৰ পেইজ এটাই ২০১৩ চনৰ ১৩ ডিচেম্বৰত ইউটিউবত প্ৰচাৰ কৰা এটা ভিডিও লাভ কৰিলো। ভিডিওটোৰ শিৰোনামত লিখা আছিল- “নৃত্যত মতলীয়া জাপানীয়ে খোজ কাঢ়িছে।”

আমি ২০২০ টকিঅ’ অলিম্পিকৰ শেষান্ত সমাৰোহৰ ভিডিও ইণ্টাৰনেটত বিচাৰ কৰাত আৰিৰাং নিউজে ইউটিউবত ২০২১ চনৰ ৮ আগষ্টত  প্ৰচাৰ কৰা ভিডিও লাভ কৰিলো। শেষান্ত সমাৰোহত ভাইৰেল হোৱা ভিডিওটোৰ দৰে কোনো নৃত্যানুষ্ঠান বা নৃত্যৰ দৃশ্য নাছিল।

এই তথ্যৰে আমি সিদ্ধান্ত ল’ব পাৰো যে ভিডিওটো টকিঅ’ অলিম্পিকৰ শেষান্ত সমাৰোহৰ নহয়।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক