সত্যতা নিৰূপনঃ জি জিনপিঙৰ বিৰুদ্ধে বিদ্ৰোহ চলাৰ উৰা বাতৰি চলি থকাৰ মাজতে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই ভাইৰেল ভিডিওটো বেইজিঙত বোমা বিস্ফোৰণৰ নেকি?

0 455

একাংশ সামাজিক মাধ্যমত চীনত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ বিৰুদ্ধে বিদ্ৰোহ চলা বুলি প্ৰচাৰ হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো এঠা প্ৰখ্যাত সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিবেশন কৰা নাই।

ওপৰত উল্লেখ কৰা ঘটনাৰ প্ৰসংগতেই বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিস্ফোৰণৰ এই ভিডিওটো শ্বেয়াৰ কৰি এয়া চীনত চলা বিদ্ৰোহৰ সময়তে হোৱা বিস্ফোৰণৰ ভিডিও বুলি দাবী কৰিছে।

ভিডিওটোৰ কেপচনত আছে- “as geht ab!? প্ৰচণ্ডআঘাত #চীন#জিজিনপিঙৰবিৰুদ্ধে #বেইজিঙত চলিথকা#চীনাবিদ্ৰোহ (উৰাবাতৰি)#বিস্ফোৰণৰ ভিডিও।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব।.

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত একেটা ভিডিও ২০১৫ চনৰ ১৩ আগষ্টত ইউৰো নিউজ, ত প্ৰচাৰ হোৱা দেখিলো। তাৰ কেপচনত আছিল-চীনৰ আকাশৰ পৰা তললৈ খহি পৰা অগ্নিপিণ্ডৰ ভিডিও। তিয়ানজিন নগৰৰ এটা ঔদ্যোগিক অঞ্চলত ভয়ংকৰ বিস্পোৰণৰ ঘটনা। ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা ১১.৩০ বজাত এই বিস্ফোৰণ সংঘটিত হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্পোৰণৰ ফলত হোৱা অগ্নিকাণ্ড নিৰ্বাপিত কৰা হৈচে, কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ দুজন সন্ধানহীন হৈ আছিল। কেইবা কিলোমিটাৰ জুৰি অঞ্চলত বিস্ফোৰণৰ প্ৰভাব পৰিছিল আৰু কমেও ৫০জন লোক আঘাতপ্ৰাপ্ত হৈছিল।

চীনত ২০১৬ৰ ১৪ আগষ্টৰ এই বিস্ফোৰণৰ বাতৰি  বিবিচি নিউজ তো প্ৰচাৰ হৈছিল। তাৰ কেপচনত আচিল-চীনৰ তিয়ানজিন নগৰৰ সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ সময়ত এজন স্তম্ভিত প্ৰত্যক্ষদৰ্শীয়ে সংগ্ৰহ কৰা ভিডিও। ঘটনাত বহুলোক নিহত হোৱাৰ লগতে অতি স্পৰ্শকাতৰ সামগ্ৰীৰ উত্পাদন কৰা এটা প্ৰতিষ্ঠানৰ শতাধিক লোক আঘাতপ্ৰাপ্ত হয়। নগৰৰ প্ৰশাসনীয় বিভাগে এই প্ৰতিষ্ঠানটোত কি সামগ্ৰী আছিল সেই বিষয়ে অনুমান কৰিব পৰা হোৱা নাই বা বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি সেয়াও জানিব পৰা নাই বুলি জনায়। প্ৰত্যক্ষদৰ্শী ডান বেন ডুৰানে সংগী সকলৰ সৈতে সেই স্থান ত্যাগ কৰাৰ পূৰ্বে সেই সময়ৰ পৰিবেশৰ ভিডিও সংগ্ৰহ কৰিছিল।

বেইজিঙত শেহতীয়া বিস্ফোৰণ সন্দৰ্ভত কোনো বাতৰি প্ৰচাৰ হোৱা নাই। সেয়ে কব পাৰি যে ভাইৰেল হোৱা পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।