সত্যতা নিৰূপনঃ পুৰণি ফটোকেই ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হোৱা টি- টুৱেণ্টী খেলত পিটচ শুকুৱাবলৈ বিচিচিআইৰ দ্বাৰা হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰা বুলি দাবী কৰা হৈছে

0 348

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টি টুৱেণ্টী মেচ যোৱা ২৩ ছেপ্তেম্বৰ ২০২২ত নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। খেলপথাৰখন তিতি থকাৰ বাবে আৰম্ভ হোৱাত পলম হৈছিল।

এই ঘটনাৰ প্ৰসংগ লৈয়েই এজন মানুহে হেয়াৰ ড্ৰায়াৰ লৈ খেলপছাৰ শুকুৱাবলৈ চেষ্টা কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।  ফটোখনৰ সৈতে কেপচনত কোৱা হৈছে যে ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজত বিদৰ্ভত অনুষ্ঠিত খেকেলখনত পিটচ তিতি থকাৰ ফলত বিবিচিআইৰ মানুহে হেয়াৰ ড্ৰায়াৰেৰে শুকুৱাবলৈ চেষ্টা কৰিছে।

ফটোখনৰ সৈতে থকা কেপচনত লিখা আছিল-বিশ্বৰ ভিতৰত আটাইতকৈ ধনী ক্ৰিকেট সংস্থা বিচিচিআই-য়ে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হোৱা টি টুৱেণ্টী কেলৰ পূৰ্বে পিটচ শুকুৱাবলৈ হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিছে।

ওপৰৰ পোষ্টটোৰ লিংক  ইয়াত. আছে। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেখন ফটো ক্ৰিকেট পাকিস্তান নামৰ ৱেবছাইটত ২০২০ৰ ৫ জানুৱাৰীত আপলোড কৰা  দেখিলো। বাতৰিটোত উল্লেখ কৰা মতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন টি টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত তিতি থকা পিটচ শুকুৱাবলৈ BCCIৰ কৰ্মকৰ্তাই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰিছে।

২০২০ৰ ৬ জানুৱাৰীৰ এই ঘটনাটোৰ সন্দৰ্ভত ইণ্ডিয়া ডট কম নামৰ ৱেব ছাইটতো বাতৰি প্ৰচাৰ কৰিছিল। বাতৰিটোত উল্লেখ কৰা মতে ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন টি টুৱেণ্টী খেলখন বৰষুণত পিটচ তিতি থকাৰ বাবে বাতিল কৰা হৈছিল। পাছত খেলপথাৰ পৰিচানৈাৰ দায়িত্বত থকা লোককেইজনমানে হেয়াৰ ড্ৰায়াৰেৰে পিটচ শুকাবলৈ চেষ্টা কৰাৰ ফটো প্ৰচাৰ হোৱাত পাকিস্তানী অনুৰাগীৰ বাবে সামাজিক মাধ্যমত ভাৰত বা বিবিচিআইক ঠাট্টা কৰাৰ সুবিধা কৰি দিলে।    

এই তথ্যই স্পষ্ট কৰে যে ভাইৰেল পোষ্টটোৰ দাবী ভিত্তিহীন। 

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।