সত্যতা নিৰূপণ: এই ফটোখন পঞ্চশিৰ পেলেচত থকা ভগৱান কৃষ্ণৰ ফটো নেকি?সত্য জানিবলৈ পঢ়ক

0 253

আগষ্ট ২০২১ত তালিবানে আফগানিস্তান দখল কৰাৰ পাছতো পঞ্চশিৰ ৰাজ্যখন এঁওলোকৰ অধীনলৈ আনিব পৰা নাই। অবশ্যে ছেপ্তেম্বৰত তালিবানসকলে এই ৰাজ্যখনো তেঁওলোকে দখল কৰা বুলি দাবী কৰিছে।

এনে সময়তে পঞ্চ পাণ্ডবৰ সৈতে ভগৱান কৃষ্ণৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত ফটোখন পঞ্চশিৰ পেলেচৰ বুলি দাবী কৰা হৈছে। ফটোখনৰ সৈতে কেপচনত ইংগিত দি লিখা আছে যে অতি শীগ্ৰে তালিবানে এই ফটোখন ৰাজমহলৰ পৰা আঁতৰাব।

ফটোখনৰ সৈতে থকা কেপচনত আছে- “মহাভাৰতৰ যুগৰ গান্ধাৰ ৰাজৰ সময়ৰ এই ফটোখন পঞ্চশিৰ পেলেচত আছে। পঞ্চ পাণ়্বৰ সন্মানৰ বাবেই পঞ্চশিৰ নামটো আহিছিল পঞ্চ শেৰৰ পৰা, পঞ্চ পাণ্ডবৰ সন্মানৰ বাবেই পাচটা সিংহৰ মূৰ্তি সজোৱা হৈছেল।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। একে ধৰণৰ পোষ্ট  ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত পাব।

সত্যতানিৰূপণ

নিউজমোবাইলেওপৰৰপোষ্টটোৰসন্দৰ্ভতঅনুসন্ধানকৰিপোষ্টটোৰদাবীভুৱাবুলিনিশ্চিতকৰে।

ফটোখনৰ লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেখন ছবি ৰাছিয়াৰ এটা কলা ৱেবছাইট Art-SPBত আপলোড কৰা দেখিলো। এই পেইণ্টিংখনৰ শিৰোনামত আছিল- পাণ্ডবসকলৰ সৈতে কৃষ্ণ আৰু শিল্পীজনৰ নাম লিখা আছিল ৰসিকানন্দ বুলি।

ৱেবছাইটটোত শিল্পীজন সন্দৰ্ভত দিয়া বিৱৰণিত আছিল- তেঁও কলা বিদ্যালয়ৰ স্নাতক। ১৯৯০-৯৩ চনলৈ তেঁও ভিভাডিবোস্তক আৰ্ট স্কুলত পঢ়িছিল। ১৯৯৩ চনৰ পৰা তেঁও আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন সংস্থা ভিভাডিবোস্তক বুক ট্ৰাষ্টৰ কিতাপত ইলাষ্ট্ৰেছন কৰিবলৈ আৰম্ভ কৰিছল। তেঁও ৰাছিয়াৰ ক্ৰিয়েটিভ ইউনিয়ন অৱ আৰ্টিষ্টৰ সদস্য আছিল।

এই তথ্যৰ পৰা আমি ৰসিকানন্দ-মূল শব্দটো ব্যৱহাৰ কৰি ইণ্টাৰনেটত বিচাৰ কৰাত ৰসিকানন্দদাসৰ ফেচবুক পে’জ দেখা পালো।  ইউ এছ শাখাৰ পৰিচিতিত তেঁও লিখিছিল- “মই এজন সাধাৰণ শিল্পী। মই সাগৰ, ভূমিৰ নৈসৰ্গিক দৃশ্য বাল পাঁও। কিন্তু কৃষ্ণ সম্পৰ্কীয় ফটোবোৰ মোৰ বাবে সৰ্বোত্কৃষ্ট। মই আইডিএছ, বিবিজিএছৰ কীৰ্তন ভাল পাও …”

আমি আৰু দেখিছিলো যে তেঁও কৃষ্ণৰ বহুকেইখন ছবি আঁকিছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা পোষ্টটোত কৰা দাবীও তেঁও অগ্ৰাহ্য কৰিছে। এটা পোষ্টত তেঁও লিখিছে- “বৰ আমোদজনক কথাটো হল মোৰ পুৰণি ছবিখন ভাইৰেল হৈছে।” কেইজনমান লোকে মোক দুদিনমানৰ পৰা সুধি আছে, সেইক পঞ্চশিৰ পেলেচৰ ফটো নে আন কৰবোৰ। একাংশই   এই পেলেচটোতেই পঞ্চ পাণ্ডবে বাস কৰা বুলিও কৈছে।  এই ফটো খন মোৰেই সৃষ্ট।. (যিসকলে ফটোখনৰ সৈতে কৰা দাবী সঁচা বুলি ভাবিছে।)”

নিউজ মোবাইলে ৰসিকানন্দৰ সৈতেও যোগাযোগ কৰিছিল। তেঁও ফটোখন সন্দৰ্ভত স্পষ্ট কৰি কৈছিল- “হয়, এই ফটোখনত থকা ছবিখন ময়েই অঁকা। দক্ষিণ ৰাছিয়াৰ ছছিত ১৯৯৯ চনত মই আঁকিছিলো। মগভাগৱদ গীতাৰ সপ্তম সংস্কৰণৰ ইলাষ্টেৰছনৰ সময়ত মই আঁখিছিলো। তেঁওলোকে যি কৈ আছে, সেয়া সত্য নহয়।” নিউজ মোবাইলক তেঁও জনায়।

এনেদৰেই আমি কব পাৰো যে বাইৰেল হোৱা ফটোখন ৰাছিয়াৰ এগৰাকী শিল্পীয়ে অঁকা ছবিৰ ফটো, গতিকে পোষ্টটোৰ সৈতে কৰা দাবী ভুৱা।

আপোনাৰোযদিকোনোতথ্যবাবাতৰিৰসত্যতানিৰূপণকৰিবলগীয়াআছে, তেন্তে +91 11 7127 979l9এইনম্বৰতহোৱাটচআপকৰক