সত্যতা নিৰূপণ: ৰাহুল গান্ধীয়ে ত্ৰিৰংগ পতাকা আঁতৰাবলৈ নিৰ্দেশ দিয়া ভিডিওটো বিভ্ৰান্তিকৰ তথ্যৰে প্ৰচাৰ কৰা হৈছে

0 801

ৰাহুল গান্ধীয়ে তেওঁৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হাতত ভাৰতৰ জাতীয় পতাকা বন্ধা এডাল মাৰি জোকাৰি কিবা অনুৰোধ কৰি থকা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে, ভিডিওটোত ৰাহুল গান্ধীয়ে জাতীয় পতাকাখন আঁতৰাই দিবলৈ অনুৰোধ কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কি কেপচনত লিখিছে: “ত্ৰিৰংগক অপমান: ৰাহুল গান্ধীয়ে অনুৰাগীক মাৰিডালৰ পৰা জাতীয় পতাকাখন আঁতৰাই দিবলৈ অনুৰোধ কৰিছে।

ওপৰৰ পোষ্টটোৰ  লিংক ইয়াত আছে।

ভাইৰেল ক্লিপটো ভাৰতীয় জনতা পাৰ্টীৰ আইটি কোষৰ মুৰব্বী অমিত মালব্যৰ  X হেণ্ডেলতো প্ৰচাৰ হৈছে, তাৰ কেপচনত আছে: “ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় পতাকাখন নমাবলৈ কৈছে… এয়া নিশ্চিতভাবে জৰ্জ ছৰ নিয়মাৱলীৰ অন্তৰ্গত, তাতো তেওঁ পৰ্তুগীজসকলক ভাৰতীয়ক সৰ্বত্ৰ অপমান আৰু অত্যাচাৰ কৰিবলৈ নিৰ্দেশ দিছিল।” (আৰ্কাইভ)

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওৰ কী ফ্ৰেমবোৰ ভালদৰে পৰীক্ষা কৰাত আমাৰ দলে প্ৰাথমিক ফুটেজবোৰ ভাৰতীয় জাতীয় কংগ্ৰেছে ২০২৪ৰ ১৩ মাৰ্চত লাইভ কৰা বুলি লিখা থকা চিহ্ন দেখা পালে। তাৰ শিৰোনামত আছে: “ভিডিওৰ কী ফ্ৰেমবোৰ ভালদৰে পৰীক্ষা কৰাত আমাৰ দলে প্ৰাথমিক ফুটেজবোৰ ভাৰতীয় জাতীয় কংগ্ৰেছে ২০২৪ৰ ১৩ মাৰ্চত লাইভ কৰা বুলি লিখা থকা চিহ্ন দেখা পালে। তাৰ শিৰোনামত আছে: “মহাৰাষ্ট্ৰৰ দণ্ডিয়াচাত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পুনৰাম্ভ।

এই ভিডিওটো ভালদৰে চোৱাত ২৮মিনিট ৫৫ ছেকেণ্ডত আমি ভাইৰেল হোৱা অংশ দেখিলো। এই অংশত ৰাহুল গান্ধীয়ে ভিৰৰ মাজৰ এজন লোকক তেওঁৰ সৈতে খোজ কাঢ়িবলৈ মতা দেখা গৈছে, তাত তেওঁ মানুহজনৰ নাম সুধিছে আৰু মানুহজনে তেওঁৰ নামটো সন্তোষ পাটিল বুলি কৈছে।

তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পাকিস্তান আৰু চীন ভ্ৰমণৰ পৰা ৰাইজৰ দৃষ্টি অইন ঠাইলৈ নিয়াৰ বাবে চৰকাৰে কিদৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ED) ৰ দৰে চৰকাৰী এজেন্সী নিজৰ মতে ব্যৱহাৰ কৰিছে সেই সন্দৰ্ভত ব্যখ্যা আগবঢ়ায়। জনসমাগমটোক সম্বোধন কৰি তেওঁ কয়, সন্তোষ পাটিল হৈছে সাধাৰণ ভাৰতীয়ৰ প্ৰতিনিধি। তেওঁ পুনৰ কয় যে আদানীয়ে সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনীতি ধ্বংস কৰি পেলাব। তাৰ পাছত ভিডিওটোৰ ১১ মিনিট ১৭ ছেকেণ্ডত ৰাহুল গান্ধীয়ে মাৰিডালৰ পৰা পতাকাখন আঁতৰাবলৈ কয়, যিখিন ভিডিও ভাইৰেল পোষ্টটোত দেখা গৈছিল। কেইজনমান সমৰ্থকে তেওঁক সহায় কৰিবলৈ আগুৱাইছিল যদিও গান্ধীয়ে ইতিমধ্যে এডাল সৰু মাৰিৰ পতাকা এখন হাতত তুলি লৈছিল। ইয়াৰ পৰবৰ্তী সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ সমালোচকৰ বিৰুদ্ধে ইডি, চিবিআই আদি সংস্থা লগাই দিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে। ভিডিওটোৰ পুৰ্নাংশ কংগ্ৰেছে কৰা লাইভ ভিডিওত দেখা গৈছে। ভিডিওটোৰ ১০ মিনিট ১১ ছেকেণ্ডৰ পৰা ১১ মিনিট ৪২ ছেকেণ্ডলৈ এই অংশকেই পাছত ভাইৰেল কৰা হৈছিল।

এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল ভিডিওটো সম্পাদিত আৰু ভুৱা তথ্যসহ প্ৰচাৰেৰে ভাইৰেল কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news