সত্যতা নিৰূপণ: ভাইৰেল হোৱা ফটোখনত চীনা সৈন্য ভাৰতত প্রবেশ কৰাৰ দৃশ্য দেখা গৈছে নেকি? সত্য জানিবলৈ পঢ়ক

0 551

২৮ ছেপ্টেম্বৰ, 2021-ত চীনেৰ পিপলচ লিবাৰেচন আর্মীৰ প্রায় ১০০ সৈন্য উত্তৰাখণ্ডৰ ভাৰতীয় এলেকাত প্রবেশ কৰা বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পাইছে। ঘোৰাৰে যোৱা সেনাৰ দলটোৱে তিনি ঘণ্টা সেই স্থানত অবস্থান কৰা বুলি প্ৰকাশ পাইছে।

এনে সময়তে, সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছে। ফটোখনত অশ্বাৰোহী সেনাৰ দলটোক অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ নিয়া দেখা গৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে, যে অস্বাৰোহী চীনা সেনাৰ দলটো ভাৰতৰ ভূখণ্ডত প্ৰবেশ কৰিছে।

ফটোখনৰ সৈতে লিখা আছে- “১০০ অশ্বাৰোহী  চীনা সৈন্যই উত্তৰাখণ্ডৰ ভূখণ্ডৰ ৫ কিমি ভিৰতৰত প্রবেশ কৰিছে আৰু ভাৰতীয় সেনা যোৱাৰ পূৰ্বে সেই ঠাই ত্যাগ কৰিছে। চীনা সেনাৰ দলটো ৫৫টা ঘোৰাত আহি বাৰচৰ দলং এখনৰ ক্ষতি সাধন কৰিছিল।”

পোস্টের লিঙ্ক এখানে দেখা যাবেওপৰৰ পোষ্টটোৰ লিংক ইয়াত পাব। । একে ধৰণৰ পোষ্ট ইয়াত পাব।

সত্যতানিৰূপণ

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেখন ফটো ২০২০ৰ ২৪ আগষ্টত চীনৰ সেনাৰ এটা ৱেবছাইটত  প্ৰচাৰ হোৱা দেখা পালো। ফটোৰ শিৰোনামত লিখা আছিল-“জিনজিয়াঙৰ মালভূমিত পিএলএ সীমান্ত প্ৰতিৰক্ষা বাহনীৰ অশ্বাৰোহনৰ প্ৰশিক্ষণ।”

;চীনৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবছাইটত ২ আগষ্ট ২০২০ত একেখন ফটোৱেই আপলোড কৰিছিল।  বাতৰিটোত কোৱা হৈছিল, জিনজিয়াঙৰ মালভূমিত পিএলএৰ সামৰিক কামাণ্ডৰ অধীনত ১২ জন সেনাই জিনজিয়াঙৰ পামিৰশ  মালভূমিত ৬০০ মিটাৰ উচ্চতাত এমাহ ধৰি অশ্বাৰোহনৰ প্ৰশিক্ষণ চলিছিল।

ভাইৰেল ফটোখনৰ বিৱৰণিৰ পৰা স্পষ্ট হয় যে, যিহেতু সৈতে চীনা সৈন্য ভাৰতীয় ভূখণ্ডত প্ৰবেশ কৰা বাতৰিটো ২৮ ছেপ্তেম্বৰ ২০২১ত প্ৰকাশ পাইছিল, সেয়ে এই ফটোখন পুৰণি।

এই তথ্যসমূহ বিশ্লেষণ কৰিয়েই জানিব পাৰি যে ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবী ভূৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক