সত্যতা নিৰূপণ: বাংলাদেশৰ ৰহিংগীয়া শৰনাৰ্থীৰ পুৰণি ফটো উত্তৰ প্ৰদেশৰ জনসংখ্যা বিধেয়কৰ সৈতে সাঙোৰা হৈছে

0 455

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাতে ১১ জুলাই ২০২১ত ৰাজ্যখনত পৰিয়ালত দুটি সন্তানৰ নিয়ম প্ৰণয়ন আৰু প্ৰচাৰৰ বাবে জনসংখ্যা আঁচনি আৰম্ভ কৰাৰ সময়তে এজন বিসেষভাবে সংখ্যম লোক তেঁওৰ পত্নী আৰু সাতটি সন্তানৰ এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।

পোষ্ট টোত লিখা আছে: “দুয়োখন ভৰি কাম নকৰোতে এনে অৱস্থা…!! #জনসংখ্যানিয়ন্ত্ৰণ বিধেয়ক #জনসংখ্যাআঁচনি”

ফটোখনৰ কেপচনত ফটোখন ভাৰতৰ বুলি দাবী কৰাৰ লগতে জনসংখ্যা আঁচনি প্ৰণয়ন কৰাৰ অতি প্ৰয়োজন বুলিও পৰামৰ্শ দিয়ে।

একেধৰণৰ পোষ্ট  ইয়াতইয়াত আৰু ইয়াত পাব

 সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভাইৰেল পোষ্টটোৰ ফটো বাংলাদেশৰ ৰহিংগীয়া শৰনাৰ্থীৰ বুলি নিশ্চিত কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ফটোখন  গেটী ইমেজৰৰ ফটো গেলাৰীত আৰু ২০১৭ চনৰ ৬ মাৰ্চত এলেমী ত প্ৰকাশ পোৱা একেখন ফটো দেখা পালো।তাত থকা বিৱৰণি অনুসৰি ফটোখন বাংলাদেশৰ কক্স বজাৰত সংগ্ৰহ কৰা হৈছিল।

ফটোখনৰ কেপচনত প্ৰকাশ পোৱা অনুসৰি মানুহজনৰ নাম মহম্মদ আলমগীৰ, বয়স ৪০ বছৰ। পোলিওৰ বাবে তেঁও শাৰীৰিক ভাবে অক্ষম হৈছিল, ম্যানমাৰৰ সংঘৰ্ষৰ সময়ত তেঁও পৰিয়ালসহ বাংলাদেশলৈ পলাই গৈ কক্স বজাৰৰ কুটুপালং শৰনাৰ্থী শিবিৰত আশ্ৰয় লৈছিল।

আমি একেখন ফটো স্পেইনৰ বাৰ্চিলোনাৰ ফটোগ্ৰাফী আলোচনী  দোধো,ত দেখিলো। ফটোখনৰ কেপচনত আছিল, “এয়া পোলিওৰ বাবে তেঁও শাৰীৰিক ভাবে অক্ষম ৪০ বছৰীয়া মহম্মদ আলমগীৰৰ পৰিয়াল, ম্যানমাৰৰ সংঘৰ্ষৰ সময়ত তেঁও পৰিয়ালসহ বাংলাদেশলৈ পলাই গৈ কক্স বজাৰৰ কুটুপালং শৰনাৰ্থী শিবিৰত আশ্ৰয় লৈছিল।”

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হ’ল যে ফটোখন বাংলাদেশত আশ্ৰয় লোৱা ৰহিংগীয়া শৰনাৰ্থী, বাৰতৰ নহয়।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক