সত্যতা নিৰূপণ: এখন দলঙৰ তলেৰে বিমান পাৰ হৈ যোৱা ডিডিটেলৰ জৰিয়তে এডিট কৰা ভিডিও এটা য়টা ভিডিও বুলি দাবী কৰা হৈছে

0 885

দলং এখনৰ তলেৰে বিমান পাৰ হৈ যোৱা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই দৃশ্য ব্ৰাজিলৰ পিনা ব্ৰীজৰ বুলি পোষ্টটোত দাবী কৰা হৈছে।

ফেচবুকত ভাইৰেল হোৱা ভিডিওটোৰ সৈতে পৰ্তুগীজ ভাষাত লিখা কেপচনত আছে-  “জৰুৰীঃ বাৰ্বাডোচ দছ ফেমচোছৰ তথ্য অনু,ৰি কোন্দে ডা বোৱাত এটা পোহনীয়া পাৰত খুন্দা লাগি নিয়ন্ত্ৰণ হেৰুওৱা বিমান এখন পথভ্ৰষ্ট হৈ উৰাৰ ফলত পিনা ব্ৰীজৰ তলেৰে পাৰ হৈ গৈছে। বহুতে এই ভিডিওটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে, কিন্তু এয়া সত্য।মোৰ খুৰা মাৰ্লোনে ৰিও মাৰ অট্টালিকাৰ এটা টাৱাৰৰ পৰা লোৱা ভিডিও এয়া।”

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে। একে ধৰণৰ পোষ্ট ইয়াত  আৰু  ইয়াত আছে।.

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

আমি ইনভিডৰ সহায়ত ভিডিওটোৰ কীফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিলো। আমি ব্ৰাজিলৰ সত্যতা নিৰূপক ৱেবছাইটৰ ইষ্টেগ্ৰাম পেজত প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। এই লেখাটোত প্ৰকাশ পোৱা অনুসৰি এগৰাকী ব্যক্তিয়ে কাহিনীৰ বাবে সম্পাদিত কৰিছিল।

পোষ্টটোৰ কেপচনত আছিল, “কিন্তু, ডেকা লৰা তুমি পিনা ব্ৰীজৰ এই বিডিওটো বনাইছিলা? পৰবৰ্তী পোষ্টটোত ইয়াৰ সম্পাদনা শৈলীৰ বিষয়ে কথা পাতিম। কোনোবাই এই ভিডিওটো বিচাৰিলে  WhatsApp (bio link)ত মোৰ সৈতে যোগাযোগ কৰক।”

https://www.instagram.com/verticetreinamentos/?utm_source=ig_embed&ig_rid=f8a2469f-c5b0-4230-a05c-a0a147d95cb5&ig_mid=41547BCD-4E21-495F-82AB-F3666F7D343E

আমি আৰু অধিক অনুসন্ধান কৰাত আমি ভাৰ্টিছ ট্ৰেইনামেণ্টৰ্ছৰ এটা পোষ্ট লাভ কৰিলো, তাত এই ভিডিওটোৰ জিডিটেল সম্পাদনা প্ৰক্ৰিয়া সম্পৰ্কে বৰ্ণনা দিয়া আছিল। ব্যৱহাৰকাৰীজনে ভিডিওটোৰ পানীৰ ফুটেজ ,ংযোজন কৰাটো বৰ কঠিন আছিল।

https://www.instagram.com/p/CVlYc4GL8_B/?utm_medium=share_sheet

আমি সামাজিক মাধ্যম  ‘ভাৰ্টিছ ট্ৰেইনামেণ্টৰ্ছৰ’ৰ অইন পোষ্টৰো অনুসন্ধান কৰিলো আৰু এনেদৰে ডিজিটেলৰ সহায়েৰে সম্পাদিত বহু ভিডিও দেখিলো। এনে এটা ভিডিওত গাড়ী এখন আকাশত উৰি থকা দেখা গৈছিল।   ওপৰৰ তথ্যই প্ৰমাণ কৰে, ডিজিটেল মাধ্যমত সম্পাদিত ভিডিও এটা ব্ৰাজিলৰ এখন দলঙৰ তলেৰে বিমান পাৰ হৈ যোৱা সেহতীয়া ভিডিও বুলি প্ৰচাৰ কৰা হৈছে। গতিকে ভাইৰেল পোষ্টৰ এই দাবী অমুলক।    .

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক