সত্যতা নিৰূপণ: ‘বান্দ্ৰা ব্ৰীজ’খন মোদী চৰকাৰে মুকলি কৰিছিলনে? সত্য জানিবলৈ পঢ়ক

0 387

সামাজিক মাধ্যমত এখন ফটো ভাইৰেল হৈছে, ফটোখনৰ কেপচনত এইখন মোদী চৰকাৰৰ প্ৰচেষ্টাত সজোৱা মুম্বাই-বান্দ্ৰা দলং বুলি দাবী কৰা হৈছিল।

ফটোখনৰ সৈতে হিন্দীতে কেপচন লিখা আছিল, “এয়া কোনো আমেৰিকা, ফ্ৰাঞ্চ বা লণ্ডনৰ দলং নহয়, এইখন মুম্বাই-বান্দ্ৰা দলং, বাহ,মোদীজী।”

পোষ্টটোৰ ইয়াত পাব। একেধৰণৰ পোষ্ট ইয়াতইয়াত আৰু  ইয়াত পাব।

সত্যতা নিৰূপণ

এই সন্দৰ্ভত নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান চলায় আৰু ভুৱা বুলি নিশ্চিত কৰে

ফটোখন আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত এটা টুইটাৰ হেণ্ডেলত মুম্বাইৰ বান্দ্ৰা ৱৰ্লি ছী লিংকৰ ফটো বুলি দাবী কৰা একেখন ফটো দেখা পালো।

ওপৰৰ টুইটটোৰ পৰা সমল লৈ আমি বান্দ্ৰা-ৱৰ্লি ছী লিংক- এই মূল শব্দকেইটা লৈ বিচাৰ কৰাত দলংখনৰ কেইবাখনো ফটো লাভ কৰো।ফটোকেইখনৰ বিৱৰণিৰ পৰা এয়া স্পষ্টকৈ জানিব পৰা গ’ল যে বান্দ্ৰা ৱৰ্লি ছী ব্ৰীজখন আৰব সাগৰৰ ওপৰত কেবল বা তাঁৰৰ ৰচীৰে ওলমাই ৰখা এখন দলং।

দি কণনষ্ট্ৰীক্টৰ নামৰ ৱেবছাইটটোতো দলংখন সন্দৰ্ভত বিস্তৃত তথ্য উল্লেখ কৰা আছে।

বান্দ্ৰা-ৱৰ্লি ছী লিংক নামৰ এই দলংখন মোদী চৰকাৰৰ সময়ত সজোৱা হৈছিল নেকি?

আমি উপযুক্ত শব্দকেইটামানক মূল শব্দ হিচাপে লৈ বিচাৰ কৰাত  ইণ্ডিয়া ডট কম এটা প্ৰবন্ধ লাভ কৰিলো। তাত লিখা আছে যে যোৱা শতিকাৰ নব্বৈৰ দশকত বান্দ্ৰা-ৱৰ্লি ছী লিংকৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু বিভিন্ন স্বচ্ছাসেবী, পৰিবেশবিদ, মাছমৰীয়া, সংগঠনে আদালত জনস্বাৰ্থ জড়িত আবেদন দাখিল কৰাত দলংখন নিৰ্মাণত বাধা আহিছিল। পৰবৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত সকলো আইনী বাধা আঁতৰাই দি ৰায়দান কৰাৰ পাছত ২০০০ চনত দলং নিৰ্মাণৰ কাম আৰম্ভ হয়।দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় ২০০৯ চনত। এই দলংখন প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীব গান্ধীৰ নামেৰে নামাকৰণ কৰা হৈছিল।

এই দলংখনৰ ফটো গেটী ইমেজ তো কেপচনসহ প্ৰকাশ পাইছে। কেপচনত লিখা আছে, “মুম্বাই, ভাৰত, ২৮ ফেব্ৰুৱাৰী,২০১০: ৱৰ্লি ফোৰ্ট,মুম্বাইৰ পৰা বান্দ্ৰা-ৱৰ্লি ছী লিংক ২৮ ফেব্ৰুৱাৰী,২০১০ত। (ফটোখন গেটী ইমেজৰ জড়িয়তে অভিতজিত্ ভাটলেকৰ/ মিণ্টে সংগ্ৰহ কৰিছিল।)”

বান্দ্ৰা-ৱৰ্লি ছী লিংক সন্দৰ্ভত ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশ পোৱা এটা গবেষণামূলক প্ৰবন্ধ ও আমি লাভ কৰিলো।

মুম্বাই পৰ্যটন বিভাগৰ ৱেব ছাইতত শিবসেনা প্ৰধান বালা চাহেব থাকৰেই ১৯৯৯ চনত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ইউপিএৰ অধ্যক্ষা চোনীয়া গান্ধীয়ে দলংখন মুকলি কৰিছিল বুলি উল্লেখ আছে। ৱেব ছাইটটোত উল্লেখ আছে যে ২০০৯ চনৰ মাজ ভাগত, ২০০৯ চনৰ জুনত এই দলংখনৰ আঠটা লে’নৰ চাৰিটা লে’ন মটৰ পৰিবহনৰ বাবে মুকলি কৰি দিছিল, সম্পূৰ্ণ দলংখন ২০১০ চনৰ মাৰ্চ মাহত মুকলি কৰা হৈছিল।

আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  য়ে ২০১৪ চনতহে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। সেয়ে এয়া স্পষ্ট যে পোষ্টটোত কৰা দাবী ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচ আপ কৰক