সত্যতা নিৰূপনঃ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ কন্যাই বিজেপিত যোগ দিব নেকি? সত্য জানিবলৈ পঢ়ক

0 357

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ কন্যাই বিজেপিত যোগ দিয়াৰ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। পোষ্টটোত লিখা আছে-  “দিগ্বিজয় সিঙৰ কন্যাই বিজেপিত যোগ দিলে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।  the link to the post.

 

সত্যতা নিৰূপণ

 

নিউজমোবাইলে এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰি পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

আমি আজটকৰ এটা ভুল বাতৰিত (পাছত সেইটো শুধৰাই দিয়া হৈছিল) ভাইৰেল পোষ্টটোৰ ফটো দেখিলো। ভুল বাতৰিটোত শ্বুটাৰ শ্ৰেয়াসীক কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ কন্যা বুলি উল্লেখ কৰা হৈছিল। 

ওপৰৰ বাতৰিটোৰ সৈতে আজ টকৰ ফালৰ পৰা এটা টীকা দিয়া হৈছিল, তাত লিখা আছে যে দিগ্বিজয় সিং নামটোৰ সৈতে ভুলবশতঃ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি লিখা হৈছিল, যিটো পাছত শুধাৰই দিয়া হৈছে। which has been corrected.

বাতৰিটো ভুৱা বুলি  দিগ্বিজয় সিঙে টুইটাৰত শ্ৰেয়সী সিং তেওঁৰ কন্যা নহয় বুলি স্পষ্ট কৰি দিয়ে।

২০১৮ৰ কমনৱেল্থ গেমছত সোণৰ পদক অৰ্জন কৰা শ্ৰেয়সীয়ে ২০২০ৰ ৪অক্টোবৰত বিজেপিত যোগ দিয়ে। বিজেপি বিহাৰৰ এটা পোষ্টত তেওঁ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিগ্বিজয় সিঙৰ কন্যা বুলি উল্লেখ আছিল। 

শ্ৰেয়সীৰ পিতৃ দিগ্বিজয় সিং বিহাৰৰ এগৰাকী ৰাজনৈতিক ব্যক্তি, তেওঁ বাংকা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। দুবাৰ ৰাজ্যসভালৈও নিৰ্বাচিত হৈছিল।

ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয়, স্ৰেয়সী কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ কন্যা নহয়, কিন্তু একে নামৰে বিহাৰৰ সাংসদ এজনৰহে কন্যা। সেয়ে, এই পোষ্টটো আসোঁৱাহপূৰ্ণ, অসত্য।