সত্যতা নিৰূপনঃ ভাইৰেল হোৱা উত্তৰাখণ্ডৰ নিৰ্বাচন সমীক্ষাটো সম্পাদিত

0 362

ভাৰতৰ সাতখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ উখল-মাখল চলি থকাৰ সময়তে জী নিউজৰ নিৰ্বচনী সমীক্ষাৰ এটা স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে। সমীক্ষাটোৰ মতে উত্তৰাখণ্ডত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়ী হব বুলি কোৱা হৈছে।উত্তৰখণ্ডত ৭০খন বিধানসভা সমষ্টিৰ বাবে যোৱা ১৪ ফেব্ৰুৱাৰীত এটা পৰ্যায়তে নিৰ্বাচন সম্পন্ন হয়।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে জী নিউজৰ স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰিছে। সমীক্ষা মতে বিজেপিয়ে ১২ৰ পৰা ১৭খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৫২ৰ পৰা ৫৭খন আসন লাভ কৰিব।অন্যান্য দলে দুখন আসন পাব। 

এই স্ক্ৰীণশ্বটটো কেইবাগাৰকী লোকে ফেচবুকত প্ৰচাৰ কৰিছে।   

সত্যতা নিৰূপন

নিউজ মোবাইলে ভাইৰেল স্ক্ৰীণশ্বটটোৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী অমূলক বুলি প্ৰতিপন্ন কৰে।

মূল শব্দৰ ব্যৱহাৰেৰ অনুসন্ধান কৰাত আমি জী নিউজত ২০২২ৰ ১৭ জানুৱাৰীত উত্তৰাখণ্ডৰ নিৰ্বাচনী সমীক্ষা প্ৰচাৰ কৰা এটা বাতৰি লাভ কৰিলো। মূল সমীক্ষাটোত বিজেপিয়ে ৩১ৰ পৰা ৩৫খন আৰু কংগ্ৰেছে ৩৩ৰ পৰা ৩৭খন আসন পাব বুলি কোৱা হৈছে। স্পষ্ট হল, ভাইৰেল সমীক্ষাটো মৰ্ফ কৰা হৈছে। 


তলত দুয়োটা সমীক্ষাৰ ৰিজনি দিয়া হল। :

জী নিউজে এই গ্ৰাফিকটো ১৮ জানুৱাৰীত তেওঁলোকৰ বাতৰিতো প্ৰচাৰ কৰিছিল। লিংকটো ইয়াত পাব।  

গতিকে, স্পষ্ট হল যে উত্তৰাখণ্ডৰ নিৰ্বাচনী সমীক্ষাৰ ভাইৰেল হোৱা গ্ৰাফিকটো সম্পাদিত।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক