সত্যতা নিৰূপনঃদশক পুৰণি ফটো এখন দিল্লীৰ শেহতীয়া সংঘৰ্ষৰ ফটো বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 436

২০২২ৰ ১৬ এপ্ৰিলত দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ বাবে উলিওৱা সংঘৰ্ষৰ সময়ত সংঘটিত গোষ্ঠী সংঘৰ্ষত কমেও কেইজনমান আৰক্ষীৰ লোকসহ কমেও ৯জন ব্যক্তি আহত হৈছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ বাবে এতিয়ালৈ ২৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 

এই ঘটনাৰ পাছত সামাজিক মাধ্যমত হাতত তৰোৱাল লৈ থকা কেইজনমান লোক আৰু পিছফালে গেৰুৱা পতাকা লৈ থকা এদল মানুহৰ এখন ফটো ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ফটোখন দিল্লীৰ জাহাংগাৰীপুৰীৰ শেহতীয়া ‘শোভা যাত্ৰা’ৰ ফটো।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে- এয়া দিল্লীৰ জাহাংগীৰপুৰীৰ শোভাযাত্ৰাৰ দৃশ্য। এই ডেকাসকলৰ মুখলৈ চাওক আৰু তেওঁলোকৰ বয়স অনুমান কৰক। তেওঁলোকৰ বয়স পঢ়া-শুনা কৰা, চাকৰি বিচৰা বা সংস্থাপিত হৈ কাম কৰাৰ নহয়নে। কিন্তু  l তেওঁলোকৰ হাতত কি আছে? যিয়েই নহওক হিংসাত মগ্ন এইসকল লোকেই আমাৰ দেশৰ ধৰণী। দেশৰ ভবিষ্যতৰ ছবিখনো সহজেই অনুমেয়।

 

।ফটোখন টুইটাৰতো একেই কেপচনসহ প্ৰচাৰ কৰা হৈছে। 

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী ভুৱা  বুলি প্ৰতিপন্ন কৰে।

আমি ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত একেখন ফটো  ২০১০ আৰু ২০১৩ত প্ৰকাশিত  কেইবাটাও ব্লগ পোষ্ট ত দেখিলো।

 

নিউজ মোবাইলে নিজাববীয়াকৈ ফটোখনৰ যথাৰ্থতা পৰীক্ষা কৰিলে, ফটোখন ২০১০তো ইণ্টাৰনেটত উপলব্ধ। সেয়ে এই ফটোখন এতিয়াৰ নহয়, ইয়াৰ সৈতে দিল্লীৰ শেহতীয়া ঘটনা জড়িতও নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক