সত্যতা নিৰূপণ: মোদীৰ সৈতে উঠা ফটোখনত আবু ধাবিৰ ৰাজকুমাৰে গেৰুৱা বস্ত্ৰ পৰিধান কৰা নাই

0 335

আবু ধাবিৰ ৰাজকুমাৰ শ্বেইখ মহম্মদ বিন জায়াদ অল নাহায়নৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখনত শ্বেইখ মহম্মদে জয় শ্ৰী ৰাম লিখা এখন গেৰুৱা কাপোৰ উৰি থকা দেখা গৈছে।

 

পোষ্টটোত লিখা আছে : নোদীজীয়ে শ্বেইখকো গেৰুৱা কৰি দিলে।

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

ওপৰৰ ফটোখন সন্দৰ্ভত নিউজ মোবাইলে সত্যতা নিৰূপণ কৰি সেইখন ভুৱা বুলি প্ৰতিপন্ন কৰে।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি মূল ফটোখন দেখা পালো, য’ত শ্বেইখ মহম্মদে তেওঁৰ সচৰাচৰ পৰিহিত বগা সাজেই পিন্ধি থকা দেখা গৈছে।

ফটোখন শ্বেইখ মহম্মদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৰ্দাৰ অৱ জায়দ’ সন্মান প্ৰদান কৰাৰ সময়ত লোৱা। এই ফটোখন গালফ টুডে’ত প্ৰচাৰ হৈছিল। 

প্ৰকৃত আৰু ভুৱাৰ এই ৰিজনিত স্পষ্ট হৈ পৰিল যে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ফটোখন সম্পাদিত বা ফটোশ্বপ কৰি লোৱা হৈছিল। গতিকে এই পোষ্টটো যে ভুৱা সেয়া প্ৰতিপন্ন হ’ল।