সত্যতা নিৰূপণ: সপাকিস্তানৰ ধৰ্মান্তৰকৰণৰ ঘটনাক মিছাকৈ ৰাজস্থানৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে

0 368

বহি থকা এটা পৰিয়ালৰ ফটো এখন সামাজিক মাধ্যমত ভাইৰেল হৈছে, দাবী কৰা হৈছে, ৰাজস্থানৰ এই পৰিয়ালটো অলপতে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে।

ফেচবুকত প্ৰচাৰ কৰা পোষ্টটোৰ সৈতে থকা কেপচনটো এনে ধৰণৰ  “ৰাজস্থানত আজি একেটা পৰিয়ালৰে ৫গৰাকী লোকে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে কিন্তু কোনেও তেওঁলোকক অভিনন্দন জনোৱা নাই! আল্লাই তেওঁলোকৰ মংগল কৰক।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ    

নিউজ মোবাইলে ওপৰৰ পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ দাবী ভুৱা বুলি নিশ্চিত কৰে।

ভাইৰেল হোৱা দাবীটোৰ মূল শব্দ লৈ আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো, কিন্তু এনে ঘটনা সন্দৰ্ভৰ কোনো বাতৰি লাভ নকৰিলো।

পাছত ফটোখন আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ৮ ডিচেম্বৰত প্ৰচাৰিত এটা ফেচবুক পোষ্ট লাভ কৰিলো। তাত এই ফটোখন প্ৰচাৰ কৰা হৈছিল।  পোষ্টটোত উল্লেখ কৰা অনুসৰি ধৰ্মান্তৰ কৰণৰ ঘটনাটো সংঘটিত হৈছিল বাংলাদেশত। ফটোখনৰ সৈতে বঙালী ভাষাত লিখা কেপচনত আছিল-“নৰ্শিংদিৰ মাধবাদীৰ এটা পৰিয়ালৰ ৫জন সদস্যই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। সবিশেষ আমাৰ ইউটিউব চেনেলত আছে।”

এই তথ্যৰ সহায়ত অনুসন্ধান কৰাত আমি বাংলাদেশৰ ৱেব ছাইট  প্ৰকাশিত এটা বাতৰি লাভ কৰিলো। এই বাতৰিটোতো একেখন ফটো প্ৰচাৰ কৰা হৈছিল। বাতৰিটোৰ তথ্য অনুসৰি নৰ্শিংদিৰ মাধবাদীৰ এটা পৰিয়ালৰ ৫জন সদস্যই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। ফটোখন সেই সময়তে লোৱা। একে ধৰণৰ আন এটা বাতৰি ইয়াত আছে।

এনে দৰেই স্পষ্ট হয়, বাংলাদেশ ধৰ্মান্তকৰণৰ ঘটনা এটাৰ সৈতে জড়িত ফটো এখন মিছা দাবীৰে ৰাজস্থানৰ বুলি প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰিৰ সত্যতা নিৰূপণ কৰিবলগীয়া আছে, তেন্তে +91 11 7127 979l9- এই নম্বৰত হোৱাটচ আপ কৰক