সত্যতা নিৰূপনঃ ভাইৰেল হোৱা এই ফটোখন ডঃ ভীমৰাও আম্বেদকাৰৰ নেকি? সত্য জানিবলৈ পঢ়ক

0 337

ডঃ ভীমৰাও আম্বেদকাৰৰ শৈশবৰ ফটো বুলি দাবী কৰা এখন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ফটোখনৰ সৈতে লিখা আছে- “জয় ভীমৰ শ্লগান, বিশ্বৰ আটাইতকৈ মৰম লগা বাবা চাহেব ভীমৰাও আম্বেদকাৰজীৰ শৈশবৰ ফটো।”  

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী ভুৱা  বুলি প্ৰতিপন্ন কৰে।

ফটোখন গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এই ফটোখন মহাৰাষ্ট্ৰৰ মন্ত্ৰী অধ্যাপক বৰ্ষা একনাথ গাউকোৱাড়ে ২০১৮ চনৰ ২৭ এপ্ৰিলত প্ৰচাৰ কৰা দেখিলো। তাৰ কেপচনত আছে-  #মহাৰাষ্ট্ৰ চৰকাৰৰ @MahaDGIPRৰ আলোচনী  #MaharashtraAheadডাঙৰ ভুল, আলোচনীখনত কংগ্ৰেছ নেতা ্ৰী বিলাসৰাও দেশমুখৰ শৈশবৰ ফটো #ডঃ আম্বেদকাৰৰ শৈশবৰ ফটো বুলি প্ৰকাশ কৰা হৈছে।

নিউজ ২৪ তো ২০১৮ৰ ২৮ এপ্ৰিলত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল যে মহাৰাষ্ট্ৰ চৰকাৰে ভুলবশতঃ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ শৈশবৰ ফটোখন আম্বেদকাৰৰ ফটো বুলি প্ৰকাশ কৰিছে।

সেয়ে, ওপৰৰ তথ্যই প্ৰমাণ কৰে যে ভাইৰেল হোৱা পোষ্টটোৰ দাবী ভুৱা।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক