সত্যতা নিৰূপনঃ RLD ৰ সভাপতি জয়ন্ত চৌধুৰীৰ ৩ বছৰীয়া এটা শেহতীয়াকৈ প্ৰকাশিত ভিডিও বুলি দাবী কৰা হৈছে

0 230

ইণ্ডিয়া টিভিত ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি জয়ন্ত চৌধুৰীৰ সম্পৰ্কীয় এটা বাতৰিৰ খণ্ড ভিডিও এটা শেহতীয়াকৈ ভাইৰেল হৈছে। ভিডিওটোত চৌধুৰীয়েজাট সম্প্ৰদায় সন্দৰ্ভত কটু মন্তব্য দিয়া শুনা গৈছে। এই ভিডিও শ্বেয়াৰ কৰি এই ভিডিও উত্তৰ প্ৰদেশৰ শেহতীয়া নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ।

ভিডিওটোত জয়ন্ত চৌধুৰীক কৈ থকা শুনা গৈছে- “জাট ভোটাৰে কি কৰিব? জাট ভোটাৰৰ মনত কি আছে? ক্ষমা কৰিব, এই সন্দৰ্ভত মোৰ কোনো কৰণীয় নাই। ”

ফেচবুকত প্ৰচাৰ কৰা ভিডিওটোৰ সৈতে কেপচনত আছে-   “জাট সম্প্ৰদায় সন্দৰ্ভত জয়ন্ত চৌধুৰীৰ এই মন্তব্য লজ্জাজনক।ইয়াৰ অৰ্থ এয়েই যে তেওঁৰ সৈতে মৌলানাৰ সম্পৰ্ক আছে।”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে

 

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

অনুসন্ধানৰ আৰম্ভনিতে আমি মূল শব্দ ব্যৱহাৰেৰ বিচৰাত ইণ্ডিয়া টিভিত ২০১৯ চনৰ ৩১ মাৰ্চত প্ৰচাৰ হোৱা বাতৰি এটা লাভ কৰিলো। বাতৰিটোৰ ২৪ ছেকেণ্ডৰ পাছত বাইৰেল হোৱা ভিডিওখিনি দেখা গৈছে। ভিডিওটোত জয়ন্ত চৌধুৰীয়ে কোৱা শুনা যায়- মই কৃষকৰ কথা কৈছো, মই সৰু সৰু গোষ্ঠীবোৰৰ কথা কৈচো, মই জাটসকলৰ কোনো কাম কৰিবলৈ চুক্তি কৰা নাই।

 

ইয়াৰ উত্স লৈ অনুসন্ধান কৰাত আমি একেটা ঘটনা সন্দৰ্ভত নিউজ ১৮ত ২০১৯ চনৰ মাৰ্চত প্ৰচাৰ হোৱা আন এটা বাতৰি লাভ কৰিলো। বাতৰিটোত প্ৰকাশ পোৱা মতে ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ প্ৰচাৰ সমাৰোহত ভাষণ দিয়াৰ সময়ত জয়ন্ত চৌধুৰীয়ে কৈছিল-    “কৃষকৰ কথা কৈছো, মই সৰু সৰু গোষ্ঠীবোৰৰ কথা কৈচো, মই জাটসকলৰ কোনো কাম কৰিবলৈ চুক্তি কৰা নাই”

২০১৯ চনৰ ৩১ মাৰ্চত ইউপি টক নামৰ চেনেলটোতো একে ধৰণৰ বাতৰি প্ৰচাৰ হৈছিল।

 

 

ওপৰৰ তথ্যসমূহে প্ৰমাণ কৰে যে আৰএলডিৰ সভাপতি জয়ন্ত চৌধুৰীৰ ভাইৰেল হোৱা ভিডিওটো তিনি বছৰ পুৰণি, ভুৱা দাবীৰে শেহতীয়াকৈ বাইৰেল কৰা হৈছে।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক