সত্যতা নিৰূপণ: বানে বুৰাই পেলোৱা ৰাণৱেৰ কৰাচীৰ ২০২০ৰ ভিডিও এটাকেই শেহতীয়া বুলি দাবী কৰা হৈছে

0 621

শেহতীয়াকৈ  পাকিস্তানৰ বিভিন্ন স্থানত প্ৰচুৰ বৃষ্টিপাত হৈ থকাৰ ফলত দেশখনৰ কেইবাখনো চহৰত সাৱধানীয়তা অবলম্বন কৰা হৈছে। বৰষুণে কৰাচী তো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এনে সময়তে পাকিস্তান বিমান সেৱাৰ এনন যাত্ৰীবাহী বিমান বানপানীৰ মাজতে কৰাচী বিমানবন্দৰৰ ৰানৱেত বিমান অবতৰণ লৈ যোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে  ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে- আজি কৰাচী বিমান বন্দৰত প্ৰচুৰ বৃষ্টিপাতৰ বাবে সিন্ধ ভুট্টো জিন্দা হেৰ দৃশ্য।

ভিডিওটো  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ মূল প্ৰেমৰ ফটোসমূহ য়ান্দেক্স ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত অনুসন্ধান কৰাত আমি এটা ইউটিউব ভিডিও লাভ কৰিলো, তাৰ শিৰোনামত আছিল- পাক বিমান সেৱাৰ এখন বিমান বানে আবৰা কৰাছী বিমান বন্দৰত অবতৰণ কৰিছে। টক শ্ব নামৰ এটা ইউটিউব চেনেলত ২০২০ৰ ২৭ আগষ্টত ভিডিওটো প্ৰচাৰিত হৈছিল।

এই বৰ্ষৰ দৰেই ২০২০তো কৰাছীত প্ৰচণ্ড বৃষ্টিপাতৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। চহৰখনৰ বিভিন্ন স্থানৰ লগতে কৰাছী বিমান বন্দৰো পানীৰে উপচি পৰিছিল। এই ঘটনা সন্দৰ্ভত কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউব চেনেলত বাতৰি প্ৰচাৰ হৈছিল। সেইবোৰৰ লিংক  ইয়াতইয়াত, আৰু  ইয়াত পাব।

গুগল কীৱৰ্ড চাৰ্ছৰ সহায়ত আৰু অধিক অনুসন্ধান কৰাত আমি কৰাচীৰ শেহতীয়া বান আৰু কৰাছী বিমান বন্দৰৰ বানৰ বাতৰি লাভ কৰিলো। পাকিস্তানত এই বছৰ অভিলেখ পৰিমানৰ বৃষ্টিপাত হৈছে যদিও এই বছৰ ভাইৰেল ভিডিওটোত দেখুওৱাৰ দৰে কোনো ঘটনা সংঘটিত হোৱাৰ বাতৰি লাভ নকৰিলো। আৰু অধিক অনুসন্ধানত আমি পাকিস্তান অসামৰিক বিমান সেৱা প্ৰাধিকৰণ (Civil Aviation Authority চমুকৈ PCAA)ৰ এটা টুইট লাভ কৰিলো। চৰকাৰী সংস্থাটোৱে টুইটটোৰ জৰিয়তে ভাইৰেল ভিডিওটো শেহতীয়া পৰিস্থিতৰ নহয় বুলি স্পষ্ট কৰে আৰু জিন্ন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি প্ৰকাশ কৰে।

টুইটটোত কোৱা হৈছে- বানপানীৰ মাজতে ৰানৱেত এখন বিমান অবতৰণ কৰা পুৰণি ভিডিও এটা সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। অনুগ্ৰহ কৰি মন কৰিব, এই ঘটনা কমেও তিনি বছৰ পুৰণি আৰু কৰাছীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ শেহতীয়া ভিডিও নহয়। সম্প্ৰতি বিমান বন্দৰটোৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন। ইয়াৰ নলা-নৰ্দমাসমূহ সাধাৰণ ভাবেই আছে।

এই বিশ্লেষণৰ দ্বাৰাই স্পষ্ট হয়, সামাজিক বিভিন্ন  মাধ্যমত ভাইৰেল হোৱা ভিডিওটোৰ সৈতে কৰা দাবী সত্য নহয়, এয়া কৰাছী বিমান বন্দৰৰ ২০২০ চনৰ আগষ্ট মাহৰ ঘটনা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।