সত্যতা নিৰূপণ: স২০২১ৰ ক্ৰোৱেছিয়াৰ ফটো এখনকেই সম্প্ৰতি হলেণ্ডত চলি থকা কৃষক আন্দোলনৰ বুলি ভুৱাকৈ প্ৰচাৰ চলোৱা হৈছে

0 667

সম্প্ৰতি  কৃষক আৰু হলেণ্ডৰ চৰকাৰৰ ৰ মাজত চলি থকা আন্দোলনে প্ৰতিদিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কৃষকসকলৰ পশুধনৰ পৰা সৃষ্টি হোৱা বিভিন্ন ক্ষতিকাৰক সামগ্ৰীৰ হাৰ কম কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা প্ৰস্তাবৰ বিৰুদ্ধে ৪০ হাজাৰতকৈও অধিক কৃষকে আন্দোলনত অংশগ্ৰহণ কৰিছে।    

এনে সময়তে কৃষকসকলে তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত জেট বিমান আৰু যোদ্ধা বিমান ধ্বংস কৰাৰ ফটো বুলি দাবী কৰি একাংশ পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্ট টো প্ৰচাৰ কৰি হিন্দীতে কেপচনত লিখিছে- হলেণ্ডত কৃষক আন্দোলনে চৰম ৰূপ ধাৰণ কৰিছে। কৃষকসকলে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত জেট বিমানখন অধিগ্ৰহণ কৰি ধ্বংস কৰিছে। বায়ুসেনাৰ ফাইটাৰ জেট প্লেনো ধ্বংস কৰিছে।

আপুনি পোষ্টৰ লিংক ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন য়ান্দেক্সৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি জুটাৰ্ণজি নামৰ এটা ৱেবছাইট পালো। ৱেবছাইটটো সন্দৰ্ভত আৰু অধিক জানিবলৈ পালো যে ই ক্ৰোৱেছিয়াৰ এখন স্থানীয় কাকতৰ নিজস্ব ৱেবছাইট আৰু সেই ফটোখন ২০২১ৰ ২৬ মেত প্ৰচাৰ হৈছিল।24sata নামৰ আনএখন স্থানীয় কাকতেও একেখন একেধৰণৰ ফটো প্ৰচাৰ কৰিছিল।    

বাতৰিটো সন্দৰ্ভত আৰু অধিক অনুসন্ধান কৰাত জানিবলৈ পাও যে ফটোখন ক্ৰোৱেছিয়া সসস্ত্ৰ বাহিনী বিংশতম প্ৰতিষ্ঠা দিবস উপলক্ষে গ্ৰহণ কৰা হৈছিল।সেনা বাহিনীৰ সা- সৰঞ্জামৰ প্ৰদৰ্শনীৰ বাবে এমআিজি বিমানখন ৰাজধানী চহৰখনত এখন ট্ৰেক্টৰেৰে জাগ্ৰেবৰ ৰাজপথেৰে টানি নিয়া হৈছিল।    

এনে প্ৰদৰ্শনীৰ সত্যতা জানিবলৈ আমি ক্ৰোৱেছিয়া গণতন্ত্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবছাইট ত অনুসন্ধান কৰাত একেখন ফটো দেখা পালো।

আমি ফটোখন আলদৰে নিৰীক্ষণ কৰাত তাত ক্ৰোৱেছিয়াৰ ৰাষ্ট্ৰীয় চিহ্ন দেখা পাও।

সেয়ে আমাৰ অনুসন্ধানত ভিত্তি কৰি এই ভাইৰেল ফটোখনত দাবী কৰাৰ দৰে হলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ জেট আৰু সেনাৰ ফাইটাৰ প্লেন কৃষকসকলে টানি নিয়াৰ কথাটো সম্পূৰ্ণ ভুৱা, ভিত্তিহীন।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।