সত্যতা নিৰূপনঃ২০১৭ চনৰ পেৰিচৰ প্ৰতিবাদৰ ভিডিওকেই মছজিদত লাউড স্পীকাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰাজ ঠাকৰেৰ সকীয়নিৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 380

১৭ এপ্ৰিলত মহাৰ্ষ্ট্ৰ নৱনিৰ্মাণ সেনা (MNS) মুৰব্বী ৰাজ ঠাকৰে ই ঘোষণা কৰিছিল যে ৩ মেৰ পাছত মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰাব লাগিব।  “৩ মেলৈ লাউড স্পীকাৰ বন্ধ লাথাকিলে আমিও ৰাজপথত লাউড স্পীকাৰত  হনুমান চল্লিশা পঢ়িম। মই ৰাজ্য চৰকাৰক সকীয়াই দিও, এই বিষয়ত আমি পিছ হুহকি নাযাও, তোমালোকে যি ইচ্ছা কৰিব পাৰা।” MNS ৰ মুৰব্বীৰ এই ভাষ্য হিন্দুস্তান টাইমছ ত প্ৰচাৰ কৰা হৈছিল।

এই ঘোষণাৰ পাছতেই এদল লোকে ৰাজপথত প্ৰাৰ্থনা কৰা আৰু আন এদলে ইয়াৰ প্ৰতিবাদ কৰি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।  

ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিও শ্বেয়াৰ কৰি কেপচনত লিখিছে-পেৰিছত ৰাজ ঠাকৰেৰ প্ৰভাব।… পেৰিছত মুছলমানসকলে পথ বন্ধ কৰি পথৰ ওপৰতেই প্ৰাৰ্থনা কৰিছে, একে সময়তে ডাঙৰ ডাঙৰকৈ গোৱা হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় …”

ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপন

নিউজ মোবাইলে এই   সন্দৰ্ভত অনুসন্ধান কৰে আৰু এই দাবী অমুলক  বুলি প্ৰতিপন্ন কৰে।

আমি ভিডিওটো ভালদৰে নীৰিক্ষণ কৰাত STOP AUX PRIÈRES DE RUE ILLÉGALES’ বুলি লিখা এখন বেনাৰ দেখিলো। ইয়াৰ অৰ্থ হল ৰাজপথৰ অবৈধ উপাসনা বন্ধ কৰক।’.

আমি তাৰ পাছত ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ লগতে মূল শব্দৰ প্ৰয়োগ কৰি বিচাৰিলো। আমি একেটা ভিডিও  VK – নামৰ ৰাছিয়াৰ অনলাইন সামাজিক মাধ্যম আৰু সামাজিক নেটৱৰ্কিং ছাইটত ২০১৭ চনৰ ২২ নৱেম্বৰত প্ৰচাৰ হোৱা দেখিলো।

ভিডিওটো ২০১৭ চনৰ ১১ নৱেম্বৰত ইউটিউব ত আপলোড কৰা হৈছিল।  

“And La Marseillaise rings loud,” বুলি লিখা কেপচনটোৰ অৰ্থ হল-. ‘La Marseillaise’ হল ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সংগীত। ইয়াতেই ভিত্তি কৰি আমি আন এক মূল শব্দৰ অনুসন্ধান কৰিলো। এইবাৰ আমি এই প্ৰতিবাদৰ কেইবাটাও ভিডিও পালো।

দ্য লোকেল ফ্ৰান্স ত প্ৰকাশিত এটা বাতৰিত প্ৰচাৰ হৈছিল 

 “প্ৰায় দুশ মুছলমান লোকে পথৰ ওপৰত উপাসনা কৰি থকা সময়ত তেওঁলোকে শুনিব পৰাকৈ ফ্ৰান্সৰ এজন মেয়ৰ আৰু আন বহুজন সাংসদ আৰু পেৰিছৰ বিভিন্ন স্থানৰ পৰা নিৰ্বাচিত পাৰিষদে শুকুৰবাৰে মাৰ্ছীলাইছে সংগীতটো পৰিবেশন কৰে। বাতৰিটোত উল্লেখ কৰা হৈছিল যে শুকুৰবাৰে ফ্ৰান্সৰ ক্লিচিত উপাসনা গৃহ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত প্ৰায় ২০০ মুছলমান লোকে বাহিৰত, পথৰ ওপৰতে উপাসনা কৰিছিল।

এই ঘটনা সন্দৰ্ভত বিবিচিডিএনএদৈনিক ভাস্কৰলছ এঞ্জেলেছ টাইমছ-এ বাতৰি প্ৰচাৰ কৰিছিল।

 

এই ঘটনাৰ ফটো  গেটী ইমেজৰ ৱেবছাইটতো লাভ কৰিলো।

২০২০চনত নিউজ মোবাইলে পেৰিছৰ মফচলীয় অঞ্চলত এজন শিক্ষকৰ শিৰচ্ছেদ কৰা বুলি দাবী কৰা এনে ভিডিও সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ভুৱা বুলি প্ৰতিপন্ন কৰিছিল।

Fact Check: Old protest video from Paris falsely linked with recent beheading of a French teacher

সেয়ে, ওপৰৰ তথ্যৰ পৰাই প্ৰমাণ হয় যে প্ৰচাৰ হোৱা ভিডিওটো পুৰণি আৰু ইয়াৰ সৈতে ৰাজ ঠাকৰেই মছজিদত লাউড স্পীকাৰ বন্ধ কৰিবলৈ বান্ধি দিয়া সময় সীমা সন্দৰ্ভত সকীয়নিৰ কোনো সম্পৰ্ক নাই।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক